ছত্তীশগড়ৰ কাংকেৰত আই ই ডি নিষ্ক্ৰিয় কৰাৰ সময়ত বিস্ফোৰণত তিনিজন ডি আৰ জি জোৱান শ্বহীদ, এজন আহত
কাংকেৰ, ০২ মে’ (হি.স.)। ছত্তীশগড় জিলাৰ কাংকৰ জিলাৰ ছোটে বেঠিয়া থানা এলেকাৰ ভিতৰত কাংকেৰ আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তত শনিবাৰে মাইনমুক্ত আৰু এলেকা আধিপত্য অভিযানৰ সময়ত আই ই ডি বিস্ফোৰণ সংঘটিত হয় । এই ঘটনাত তিনিজন নিৰাপত্তাৰক্ষী শ্বহীদ হোৱাৰ বিপৰ
फाईल फाेटाे घायल जवान की


কাংকেৰ, ০২ মে’ (হি.স.)। ছত্তীশগড় জিলাৰ কাংকৰ জিলাৰ ছোটে বেঠিয়া থানা এলেকাৰ ভিতৰত কাংকেৰ আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তত শনিবাৰে মাইনমুক্ত আৰু এলেকা আধিপত্য অভিযানৰ সময়ত আই ই ডি বিস্ফোৰণ সংঘটিত হয় । এই ঘটনাত তিনিজন নিৰাপত্তাৰক্ষী শ্বহীদ হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হয়। এই কথা নিশ্চিত কৰিছে বস্তৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শকে।

এই অভিযানৰ সময়ত ভুলবশতঃ এটা আই ই ডি বিস্ফোৰণ হৈ কাংকেৰ ডি আৰ জিৰ চাৰিজন জোৱান আহত হয়। ইয়াৰে ইন্সপেক্টৰ সুখৰাম ভাট্টি, কনিষ্টবল কৃষ্ণ কমৰা, কনিষ্টবল সঞ্জয় গড়পালে গুৰুতৰভাৱে আহত হৈ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত জোৱান পৰমানন্দ কমৰাক উন্নত চিকিৎসাৰ বাবে উচ্চ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।

এই সন্দৰ্ভত বস্তৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পট্টিলিংগমে উল্লেখ কৰে যে বিগত কেইমাহমানৰ ভিতৰত আত্মসমৰ্পণ কৰা মাওবাদী কেডাৰ আৰু অন্যান্য ইনপুটসমূহে প্ৰদান কৰা তথ্যৰ ভিত্তিত বস্তৰ ৰেঞ্জৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে পূৰ্বে মাওবাদীয়ে লুকুৱাই ৰখা শ শ আই ই ডি উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰি পেলাইছে। কিন্তু আজিৰ এই দুৰ্ভাগ্যজনক ঘটনাত কাংকেৰ জিলা আৰক্ষীৰ দলটোৱে এটা আই ই ডি নিষ্ক্ৰিয় কৰি থাকোঁতে ভুলবশতঃ বিস্ফোৰণ ঘটে, যাৰ ফলত তিনিজন আৰক্ষী জোৱান শ্বহীদ হয়, আনহাতে এজন গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসাধীন হৈ আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande