আই পি এল ২০২৬ : ৰাহুল আৰু নিছাংকাৰ অৰ্ধশতকৰ সহায়ত দিল্লী কেপিটেলছৰ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ
জয়পুৰ, ০২ মে’ (হি.স.)। আইপিএলৰ এখন মেচত শুকুৰবাৰে ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰি জয়ৰ পথলৈ ঘূৰি আহিল দিল্লী কেপিটেলছ। ছাৱাই মানসিং ষ্টেডিয়ামত খেলা খেলখনত দিল্লীয়ে ৩টা উইকেট হেৰুৱাই ২২৫ ৰানৰ লক্ষ্য সফলতাৰে অনুসৰণ কৰে। পৰাগৰ অধিনায়কত্বৰ ইন
शॉट लगाते पथुम निसांका


জয়পুৰ, ০২ মে’ (হি.স.)। আইপিএলৰ এখন মেচত শুকুৰবাৰে ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰি জয়ৰ পথলৈ ঘূৰি আহিল দিল্লী কেপিটেলছ। ছাৱাই মানসিং ষ্টেডিয়ামত খেলা খেলখনত দিল্লীয়ে ৩টা উইকেট হেৰুৱাই ২২৫ ৰানৰ লক্ষ্য সফলতাৰে অনুসৰণ কৰে।

পৰাগৰ অধিনায়কত্বৰ ইনিংছ, ৰাজস্থানৰ ২২৫ ৰান সংগ্ৰহ

ইয়াৰ পূৰ্বে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত ৰাজস্থান ৰয়েলছ (আৰ আৰ)য়ে আৰম্ভণিৰ যুটি বৈভৱ সূৰ্য্যবংশী (৪) আৰু যশস্বী জয়ছোৱাল (৬)ক আগতীয়াকৈ আউট হৈ দুৰ্বল আৰম্ভণি কৰে। অৱশ্যে অধিনায়ক ৰিয়ান পৰাগে দায়িত্ব গ্ৰহণ কৰি ৫০টা বলত ৯০ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল। পৰাগক ৩০টা বলত ৪২ ৰান সংগ্ৰহ কৰি ধ্ৰুৱ জুৰেলেও সুন্দৰ সমৰ্থন আগবঢ়ায়। দুয়োৰে মাজত তৃতীয় উইকেটৰ বাবে ১০২ ৰানৰ এক সুদৃঢ় অংশীদাৰিত্ব গঢ়ি উঠে। শেষত ড’নভান ফেৰেইৰাৰ ত্বৰিত ইনিংছৰ সহায়ত (১৪ বলত ৪৭ ৰান, ৬ ছয়, ২ চাৰি) দলটোৱে ২০ অভাৰত ২২৫ ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ ছিজনৰ প্ৰথমখন মেচ খেলি থকা মিচেল ষ্টাৰকে চাৰি অভাৰত ৪০ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে কাইল জেমিছন, অধিনায়ক অক্ষৰ পেটেল আৰু টি নটৰাজনে এটাকৈ উইকেট দখল কৰে।

দিল্লীৰ বিস্ফোৰক আৰম্ভণি

ইফালে লক্ষ্য অনুসৰণ কৰা দিল্লীয়ে এই ছিজনত প্ৰথমবাৰৰ বাবে উদ্বোধনী যুটিৰ পৰা শক্তিশালী আৰম্ভণি লাভ কৰে। পাথুম নিছাংকা (৬২ ৰান, ৩৩ বল) আৰু কে এল ৰাহুলে (৭৫ ৰান, ৪০ বল) আক্ৰমণাত্মক বেটিং কৰি দলটোক সুদৃঢ় আৰম্ভণি কৰে। পাৱাৰপ্লেৰ শেষলৈকে দিল্লীয়ে কোনো উইকেট নেহেৰুৱাকৈ ৭০ ৰান সংগ্ৰহ কৰিছিল।

নিছাংকাৰ আউটৰ পিছত ৰাহুলে ১৫ অভাৰলৈকে ধৰি ৰাখিছিল। ৰাহুল আৰু নিছাংকাৰ লগতে নীতিশ ৰাণাইও ১৭টা বলত ৩৩ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল। শেষত ট্ৰিষ্টান ষ্টাবছ (১৮ নট আউট) আৰু আশুতোষ শৰ্মাই (২৫ নট আউট) দায়িত্ব কান্ধত লৈ দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। ৰাজস্থান ৰয়েলছৰ হৈ তুষাৰ দেশপাণ্ডে, জোফ্ৰা আৰ্চাৰ, আৰু ৰবীন্দ্ৰ জাডেজাই এটাকৈ উইকেট দখল কৰে।

ৰাজস্থানে নিজৰ শক্তিশালী মুঠ আৰু বেগী বলাৰ জোফ্ৰা আৰ্চাৰৰ ফৰ্মৰ ওপৰত নিৰ্ভৰ কৰিছিল যদিও দিল্লীৰ বেটছমেনসকলে সুন্দৰ প্ৰদৰ্শন কৰি মেচখন ৭ উইকেটত জয়লাভ কৰে।

এই জয়ৰ জৰিয়তে দিল্লী কেপিটেলে একেৰাহে তিনিটা পৰাজয়ৰ ধাৰাবাহিকতা ভাঙি প্ৰতিযোগিতাখনত পুনৰ প্ৰত্যাৱৰ্তন কৰে। প্ৰতিযোগিতাৰ ৯ খন মেচত ৪ খন জয় আৰু ৫ খন পৰাজয়ৰে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে দিল্লী, আনহাতে ৰাজস্থানে ১০ খন মেচত ৬ খন জয় আৰু ৪ খন পৰাজয়ৰে চতুৰ্থ স্থানত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande