
হোজাই, ০২ মে' (হি.স.): হোজাইৰ উত্তৰ বিদ্যানগৰত সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা। ঘৰত গৃহস্থ নথকাৰ সুবিধা লৈ নিশা চোৰে লুটি নিলে নগদ ধন আৰু সোণ ৰূপৰ আ-অলংকাৰ।
জানিব পৰা মতে উত্তৰ বিদ্যানগৰৰ ৰামবাবু যাদৱ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। দিনত গৃহস্থই ঘূৰি আহি প্ৰত্যক্ষ কৰে চুৰিৰ ঘটনা। ঘৰৰ মূল দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে। ঘৰৰ ভিতৰত সকলো সামগ্ৰী লণ্ড ভণ্ড কৰি লুটি নিয়ে চোৰে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে । বৰ্তমান চুৰি সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত আছে। উল্লেখ্য যে অঞ্চলটোত প্ৰায়ে সংঘটিত হৈ অহা চুৰি কাণ্ডৰ ঘটনাই বাসিন্দা সকলক জুৰুলা কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ