
নলবাৰী, ০২ মে’ (হি.স.): নলবাৰী জিলাৰ টিহুৰ পুখুৰাত যোৱা কালি শুকুৰবাৰে বিয়লি জনপ্ৰিয় পাঠিকা তথা বিহুৱতী নিশামনি হালৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । নাৰী সুৰক্ষা মঞ্চ টিহু আঞ্চলিক সমিতিয়ে টিহুৰ পুখুৰাস্থিত ৰাজহুৱা দৌলৰ মঞ্চত অসমীয়া লোক সংস্কৃতিৰ অন্যতম প্ৰভাৱশালী সংগীত শিল্পী, ভাস্কৰজ্যোতি বিহুৱা দলৰ বিহুবতী প্ৰয়াত নিশামনি হালৈক পুস্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
অনুষ্ঠানত এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে নিশামনিয়ে সামাজিক মাধ্যমত জনপ্ৰিয় হোৱা বিহু গীতৰ এফাকি যোজনাৰে শিল্পী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে । উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জলখানা ভঠুৱাখানা গাঁও পঞ্চায়তৰ সভানেত্ৰী ডালিমী বৰ্মন, নাৰী সুৰক্ষা টিহু আঞ্চলিকৰ সম্পাদিকা গিৰিজা ৰাজবংশী, সদস্যা কনিকা ৰাজবংশী, নাগৰা নামৰ পাঠিকা মধুস্মিতা ৰাজবংশীৰ লগতে নাৰী সুৰক্ষা মঞ্চৰ টিহু আঞ্চলিকৰ সদস্যা আৰু স্থানীয় যুৱতী বোৱাৰী সকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ