
নতুন দিল্লী, ০২ মে’ (হি.স.)। আম আদমী পাৰ্টি (আপ) ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সদস্য সন্দীপ পাঠকৰ বিৰুদ্ধে পঞ্জাৱত দুটাকৈ এফআইআৰ দাখিল কৰা হৈছে। ভগৱন্ত চৰকাৰক লক্ষ্য কৰি বিজেপিয়ে ইয়াক প্ৰতিশোধৰ কাম বুলি অভিহিত কৰে।
বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে শনিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত পঞ্জাৱৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে ৰাজ্যখনৰ ইতিমধ্যে আইন-শৃংখলাৰ পৰিস্থিতি দুৰ্বল হোৱাৰ পিছতো পঞ্জাৱ আৰক্ষীয়ে ৰাজ্যসভাৰ সদস্য সন্দীপ পাঠকৰ বাসগৃহত অভিযান চলাবলৈ চেষ্টা চলাইছিল।
আম আদমী পাৰ্টিৰ চৰকাৰৰ অধীনত অপৰাধ নিয়ন্ত্ৰণৰ পৰিৱৰ্তে আৰক্ষীয়ে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।
তেওঁ কয় যে ভগৱন্ত মান চৰকাৰক লৈ ৰাইজ ক্ষুব্ধ। এই হতাশা, নিৰাশা আৰু ক্ষুদ্ধ হৈ প্ৰতিশোধমূলক কাৰ্য্যৰ সূচনা কৰিছে। অৰবিন্দ কেজৰিৱালৰ পৰা উত্তৰ দাবী কৰাৰ সমান্তৰালকৈ তেওঁ নতুন ৰাজনীতিৰ দাবীক লৈও প্ৰশ্ন উত্থাপন কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ