মঙলদৈত শোকাৱহ পথ দুৰ্ঘটনা
মঙলদৈত শোকাবহ দুৰ্ঘটনা।
মঙলদৈত শোকাৱহ পথ দুৰ্ঘটনা


দৰং, ০২ মে’ (হি.স.):দৰং জিলাৰ মঙলদৈত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।মঙলদৈৰ জনাৰামচৌকাত দুখন মটৰ চাইকেলৰ মুখামুখী সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে। এই ঘটনাত এজন যুৱকৰ মৃত্য়ু হোৱাৰ লগতে আন দুজন আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাটোত মহিদুল ইছলাম (১৯) নামৰ এজন যুৱক ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে অন্য দুই যুৱক গুৰুতৰ ভাবে আহত হয়। আহত দুই যুৱক হৈছে তালিপাৰাৰ ৰাজীৱ ডেকা আৰু মফিজুল কৰিম । নিহত মহিদুল ইছলামৰ ঘৰ হৰিণখোজাত বুলি জানিব পৰা গৈছে । আউলাচৌকা জনাৰাম চৌকা সংযোগী পথত দুৰ্ঘটনাত পতিত হয় মটৰ চাইকেল দুখন। বাহন দুখনৰ নম্বৰ ক্ৰমে এএছ ০১ জিডি ৫১৩১ আৰু এএছ ০১ ডিভি ১৭৯৪ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande