গোলাঘাটৰ ফলঙনি কৃষি পামৰ মাটি চিআৰ পি এফক হস্তান্তৰৰ তীব্ৰ প্ৰতিক্ৰিয়া
গোলাঘাটৰ ফলঙনি কৃষি পামৰ মাটি চিআৰ পি এফক হস্তান্তৰ।
গোলাঘাটৰ ফলঙনি কৃষি পামৰ মাটি চিআৰ পি এফক হস্তান্তৰৰ তীব্ৰ প্ৰতিক্ৰিয়া


গোলাঘাট, ০২ মে' (হি.স.): গোলাঘাট জিলাৰ ফলঙনি কৃষি পামৰ মাটি চিআৰপিএফক হস্তান্তৰ কৰাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মাটি হস্তান্তৰ কৰাৰ বাবে গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত ফলঙণীত এতিয়া ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ১৯৫৮ চনৰ পৰা যি মাটিত সোণ গুটি সিঁচা হাজাৰ হাজাৰ কৃষকৰ সপোন জড়িত হৈ থকা ভূমি এতিয়া চিআৰপিএফক গতাই দিলে। গোলাঘাট জিলা প্ৰশাসনৰ সিদ্ধান্ত মৰ্মে নিশাৰ ভিতৰতে পৰিস্থিতি সলনি কৰি ৫০ বিঘা কৃষি পামৰ ভূমি গতাই দিয়া হ’ল চিআৰপিএফক। এই মাটিখিনি গোলাঘাটৰ মৰঙী মৌজাৰ ফলঙণীৰ অসম বীজ নিগম পৰিসীমিতৰ বীজ পামৰ আছিল। যি ভূমি আছিল উৰ্বৰতাৰ প্ৰতীক, য’ত যাদৱ পায়েং আৰু অপূৰ্ব বল্লভ গোস্বামীৰ দৰে ব্যক্তিয়ে কৃষিভূমি ৰক্ষাৰ শপত খাইছিলসেই ৫০ বিঘা ভূমি এতিয়া ৰাজনৈতিক মেৰপাকত পৰি নিৰাপত্তা বাহিনীয়ে হস্তগত কৰে। গাঁও প্ৰধানৰ উপস্থিতিত হঠাতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীক চমজাই দিয়া হ’ল এই ভূমি। কিন্তু এই ভূমি হস্তান্তৰৰ ক্ষেত্ৰত ভয়ংকৰ অভিযোগ উঠিছে।

উল্লেখ্য যে যোৱা বছৰ যি ভূমি বাবা ৰামদেৱৰ পতঞ্জলিক দিবলৈ চেষ্টা কৰা হৈছিল, সেই একেই ভূমি এতিয়া চিআৰপিএফক গতাই দিয়া হৈছে। আনহাতে ফলঙণীত চিআৰপিএফক ভূমি দিয়াক লৈও প্ৰশ্ন উত্থাপিত হৈছে। মন কৰিবলগীয়া যে ১৪২ নম্বৰ বেটেলিয়নৰ দায়িত্বত আছে অসম-নাগালেণ্ড সীমান্তৰ স্পৰ্শকাতৰ ডি আৰু চি চেক্টৰ। এইক্ষেত্ৰত উৰিয়ামঘাট আৰু মেৰাপানীৰ পৰা ফলঙণীৰ দূৰত্বৰ পৰিপ্ৰেক্ষিতত জৰুৰী কালত ইমান দূৰৰ পৰা সঁহাৰি জনোৱাটো সম্ভৱ নে বুলি প্ৰশ্ন উঠিছে।

ইফালে এই মাটি হস্তান্তৰ কৰাৰ বিৰুদ্ধে স্পষ্ট হুংকাৰ দিছে পৰিবেশ সুৰক্ষা সমিতিয়ে। বীজ পামৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব। যদি চৰকাৰে এই ‘হঠকাৰী’ সিদ্ধান্তৰ পৰা আঁতৰি নাহে, তেন্তে অনাগত দিনত গোলাঘাটত গঢ়ি উঠিব এক বিশাল গণ-আন্দোলন। কৃষকৰ পেটত গুৰিয়াই উৎপাদনশীল বীজ পাম ধবংস কৰাৰ আঁৰৰ ৰহস্য কি তাৰ উত্তৰ এতিয়া বিচাৰিছে ফলঙণীৰ প্ৰতিগৰাকী কৃষকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande