
কোকৰাঝাৰ, ০২ মে’ (হি.স.): অইন অইন বছৰৰ দৰে এইবেলিও ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে বিহু অনুষ্ঠিত কৰে। যোৱা কালি শুকুৰবাৰে প্ৰথম দিনা ৰাতিপুৱা বিহু মইনা আৰু বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সন্ধিয়া বিটিচিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ে মূখ্য অতিথি হিচাপে উপস্থিত থাকি বিহু প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে । প্ৰথম দিনীয়া কাৰ্যসূচীত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত দূৰ দূৰণিৰ পৰা বিহু হুঁচৰি দলে আহি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে জনপ্ৰিয় কন্ঠশিল্পী দেৱজিৎ বৰাই সংগীত পৰিৱেশন কৰিব বুলি আহ্বায়ক সমিতিয়ে জানিবলৈ দিয়ে । এইক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ