
পুডুচেৰী, ০২ মে’ (হি.স.)। অহা ৪ মে’ত কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰশাসনে ব্যাপক আৰু কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । যিকোনো আইন-শৃংখলাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিবলৈ মুঠ ৩ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।
যোৱা ৯ এপ্ৰিলত পুডুচেৰীত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ৩০খন আসনৰ বাবে ১০৯৯টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয় । ভোটাৰসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি অভিলেখ সৃষ্টি কৰে ৯১.৬৯ শতাংশ ভোটাৰৰ ভোটদান।
কটকটীয়া নিৰাপত্তাৰ অধীনত বিভিন্ন স্থানত নিৰাপদ ষ্ট্ৰং ৰুমত মজুত কৰি ৰখা হৈছে নিৰ্বাচনী ভোটিং মেচিন। পুডুচেৰী অঞ্চলৰ বাবে ইভিএমসমূহ চৰকাৰী মহিলা অভিযান্ত্ৰিক মহাবিদ্যালয়, নেহৰু পলিটেকনিক মহাবিদ্যালয়, আৰু লাস্পেটৰ ঠাকুৰ চৰকাৰী কলা মহাবিদ্যালয়ত নিৰাপদে ৰখা হয়। কৰৈকালৰ পাঁচখন আসনৰ ইভিএম কৰুণানিধি স্নাতকোত্তৰ কেন্দ্ৰত ৰখা হয়, আনহাতে মাহেৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, আৰু য়ানামৰ বাবে চৰকাৰী কলা মহাবিদ্যালয়ত ৰখা হয় ।
স্থানীয় আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনী নিয়োগ কৰাকে ধৰি এই আটাইকেইটা গণনা কেন্দ্ৰত তিনিটা স্তৰৰ নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। প্ৰতিটো কেন্দ্ৰত সতৰ্কতা বৃদ্ধি কৰা হৈছে আৰু অহৰহ নিৰীক্ষণ চলি আছে।
৪ মে’ অৰ্থাৎ গণনাৰ দিনটোত সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হ’ব। ইয়াৰ বাবে তিনিটা শ্বিফটত ১২৫০ জন আৰক্ষী জোৱান নিয়োগ কৰা হৈছে। পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বিভিন্ন শ্বিফটত নিৰাপত্তা চম্ভালিব। ইয়াৰ উপৰিও ২০০ অৰ্ধসামৰিক জোৱানেও নিৰাপত্তাৰ সহায় আগবঢ়াব ।
অঞ্চলভিত্তিক নিয়োগ অনুসৰি কৰাইকালত ৫০০, মাহেত ৪০০, আৰু য়ানামত ৪৫০ জন আৰক্ষী জোৱান নিয়োগ কৰা হৈছে। প্ৰতিটো অঞ্চলতে ১০০ জন অৰ্ধসামৰিক জোৱানৰ লগতে বিশেষ কমাণ্ডো আৰু মহিলা কমাণ্ডো বাহিনীক নিৰাপত্তাৰ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছে।
আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলে স্পষ্ট কৰি দিছে যে বিগত নিৰ্বাচনৰ সময়ত একাংশ স্থানত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰা হৈছে যাতে ভোটগণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণ আৰু ন্যায্যভাৱে সম্পূৰ্ণ কৰিব পৰা যায় ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া