কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়াপাহাৰ চাহ বাগিচাত হাতীৰ গচকত এজন নিহত
কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়াপাহাৰ চাহ বাগিচাত অঘটন।
কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়াপাহাৰ চাহ বাগিচাত হাতীৰ গচকত এজন নিহত


নগাঁও, ০২ মে’ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়াপাহাৰ চাহ বাগিচাত যোৱা কালি শুকুৰবাৰে বিয়লি এক অঘটন সংঘটিত হয় । বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱালে এজন যুৱকে ।

বনৰীয়া হাতীৰ গচকত মৃত্যু হোৱা যুৱকজনৰ পৰিচয় নৰেন গুৱলা (বয়স ৩৫ বছৰ)বুলি জানিব পৰা গৈছে । বুঢ়াপাহাৰ চাহ বাগিচাৰ কলঘৰৰ কিছু নিলগত সংঘটিত হয় কৰুণ দুৰ্ঘটনাটো। জানিব পৰামতে, পত্নী সহ জুৰিত মাছ ধৰিবলৈ গৈছিল দুয়ো ।

মাছ ধৰিবলৈ গৈ যুৱকজন শৌচ কৰিবলৈ আঁতৰি গৈছিল । তেনেতে বনৰীয়া হাতীৰ গচকত মৃত্যু হয় নৰেন গুৱলা নামৰ যুৱকজনৰ । পিছত স্থানীয় লোকৰ সহায়ত বন বিভাগৰ লোকে মৃত যুৱকজনক উদ্ধাৰ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande