মধ্যপ্ৰদেশৰ জবলপুৰ বৰগী বান্ধৰ ক্ৰুজ দুৰ্ঘটনাত উন্মোচিত গাফিলতি; যাত্ৰীসকলক দিয়া নাছিল লাইফ জেকেট, পলম হৈছিল উদ্ধাৰ অভিযান
- তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সমগ্ৰ ৰাজ্যতে ক্ৰুজ কাৰ্য্যকলাপ বন্ধ প্ৰশাসনৰ ভূপাল/জবলপুৰ, ০২ মে (হি.স.)। মধ্যপ্ৰদেশৰ জবালপুৰৰ বৰগী বান্ধত বৃহস্পতিবাৰে সন্ধিয়া প্ৰচণ্ড ধুমুহাত ডুব যায় পৰ্যটন বিভাগৰ এখন ক্ৰুজ। এই পৰ্যন্ত ৯ টা মৃতদেহ উদ্ধাৰ কৰা
मप्र के जबलपुर बरगी डैम क्रूज हादसे के बाद की तस्वीर


मप्र के जबलपुर बरगी डैम क्रूज हादसे से पहले की तस्वीर


- তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সমগ্ৰ ৰাজ্যতে ক্ৰুজ কাৰ্য্যকলাপ বন্ধ প্ৰশাসনৰ

ভূপাল/জবলপুৰ, ০২ মে (হি.স.)। মধ্যপ্ৰদেশৰ জবালপুৰৰ বৰগী বান্ধত বৃহস্পতিবাৰে সন্ধিয়া প্ৰচণ্ড ধুমুহাত ডুব যায় পৰ্যটন বিভাগৰ এখন ক্ৰুজ। এই পৰ্যন্ত ৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আৰু ২৯ জন যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰা হৈছে। অৱশ্যে এতিয়াও সন্ধানহীন হৈ আছে তিনিটা শিশুসহ চাৰিজন লোক। এই দুৰ্ঘটনাত অসংখ্য গাফিলতি উন্মোচিত হৈছে। ইয়াৰ পিছতে প্ৰশাসনে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে আৰু কেইবাজনো কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ছীল লাইফ জেকেট উদ্ধাৰ, যাত্ৰীসকলে নিজেই লৈছিল

শুকুৰবাৰে প্ৰকাশ পোৱা এটা ভিডিঅ’ত এই গাফিলতি স্পষ্টকৈ দেখা গৈছে। বতৰ বিজ্ঞান বিভাগে কমলা ৰঙৰ সতৰ্কবাণী দিয়াৰ পিছতো যাত্ৰীসকলক লাইফ জেকেট নোহোৱাকৈ ক্ৰুজত উঠাই দিয়া হয়। জীৱিত ৰোশন আনন্দ নামৰ এজন যাত্ৰীক আগতীয়াকৈ লাইফ জেকেটৰ ব্যৱস্থা কৰা হোৱা নাছিল বুলি জানিবলৈ দিয়ে। যেতিয়া ক্ৰুজখন দোল খাবলৈ ধৰিলে, মানুহে আতংকিত হৈ দৌৰি ঘূৰি ফুৰিলে। প্ৰায় আধা ঘণ্টা ধৰি চলি থাকিল এই বিশৃংখলতা। পিছত যাত্ৰীসকলে কেবিনৰ পৰা ছীল কৰা লাইফ জেকেট উলিয়াই পিন্ধিবলৈ চেষ্টা কৰে।

দুৰ্ঘটনাটোৰ দুটা ভিডিঅ’ও পোহৰলৈ আহিছে। প্ৰথম ভিডিঅ’টোত দেখা গৈছে যে পৰ্যটকসকলে সংগীত আৰু আনন্দৰ মাজত নিমগ্ন হৈ আছে, যাৰ বেছিভাগেই লাইফ জেকেট পিন্ধা নাছিল। দ্বিতীয়টো ভিডিঅ’ত বিপজ্জনক বতৰৰ পৰিস্থিতি দেখুওৱা হৈছে, প্ৰচণ্ড বতাহ, ধুমুহা, আৰু উচ্চ ঢৌৱে ক্ৰুজ জাহাজখনৰ ভিতৰলৈ ঠেলি দিছে। পৰিস্থিতি অধিক বেয়া হোৱাৰ পিছতো ক্ৰুজখনক পাৰলৈ অনাৰ কোনো চেষ্টা কৰা নহ’ল।

উদ্ধাৰ অভিযানত দুঘণ্টাৰ পলম

দুৰ্ঘটনাৰ সময়ত উদ্ধাৰ অভিযানতো গুৰুতৰ অৱহেলা স্পষ্ট হৈ পৰিছিল। সন্ধিয়া ৬ বজাত ধুমুহাৰ ফলত ক্ৰুজখন বাগৰি পৰে। সন্ধিয়া ৬:১৫ বজাত তথ্য লাভ কৰাৰ পিছত দলটোৱে সন্ধিয়া ৬:৪০ বজাত ৰাওনা হয় যদিও গাড়ীখন ষ্টাৰ্ট কৰিব নোৱাৰিলে। ইয়াৰ পিছত সম্পদসমূহ আন এখন বাহনলৈ স্থানান্তৰ কৰা হৈছিল। দ্বিতীয়টো দল সন্ধিয়া ৭ বজাত ৰাওনা হয়, যাৰ ফলত উদ্ধাৰ অভিযানত দুঘণ্টাৰো অধিক পলম হয়।

৪৭ জন লোক জাহাজত উঠিছিল যদিও টিকট মাত্ৰ ২৯ জনৰ

জবলপুৰৰ নৰ্মদা নদীৰ বৰগী বান্ধত পৰ্যটকেৰে ভৰি পৰিছিল এই ক্ৰুজ। প্ৰায় ৪৭ জন লোক জাহাজত আছিল যদিও মাত্ৰ ২৯ জন যাত্ৰীৰ বাবে টিকট প্ৰদান কৰা হৈছিল। পাৰৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ৭৪ কিলোমিটাৰ আছিল। বৰগী চহৰৰ চি এছ পি অঞ্জুল মিশ্ৰই জনোৱা মতে, এছ ডি আৰ এফৰ দলটোৱে কেইবাজনো লোকক উদ্ধাৰ কৰে যদিও প্ৰচণ্ড বতাহ, আন্ধাৰ, প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হয়।

সুৰক্ষা অডিটৰ পিছতহে পৰিচালনাৰ অনুমতি

এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে এক বৃহৎ প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যখনৰ সকলো ক্ৰুজ, মটৰ নাও, আৰু জল ক্ৰীড়া কাৰ্যকলাপ তৎকালীনভাৱে নিষিদ্ধ কৰিছে। সকলো জল পৰিবহণৰ সুৰক্ষা অডিট বাধ্যতামূলক কৰা হৈছে। সুৰক্ষাৰ মানদণ্ডৰ সম্পূৰ্ণ পৰ্যালোচনাৰ পিছতহে পুনৰ কাৰ্য্যকলাপ আৰম্ভ কৰাৰ অনুমতি দিয়া হ’ব। নিৰাপত্তাৰ ক্ষেত্ৰত যিকোনো অৱহেলা আৰু সহ্য কৰা নহ’ব বুলি চৰকাৰে স্পষ্ট কৰি দিছে।

২০ বছৰ পূৰণি আছিল ক্ৰুজখন

পৰ্যটন বিভাগৰ বিষয়া যোগেন্দ্ৰ ৰিচহৰিয়াই উল্লেখ কৰে যে ২০০৬ চনত নিৰ্মিত বৰগী বান্ধত বৰ্তমান মাত্ৰ এখন ক্ৰুজহে চলি আছে। ইয়াৰ ক্ষমতা আছিল ৬০ জন যাত্ৰী, আনহাতে আন এখন ক্ৰুজৰ অৱস্থা ইতিমধ্যে বেয়া। এই ঘটনাৰ পিছতে ৰাজ্যজুৰি ক্ৰুজ অভিযান ততালিকে বন্ধ কৰি দিছে প্ৰশাসনে।

তদন্তৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিতি

দুৰ্ঘটনাটোৰ সবিশেষ তদন্তৰ বাবে চৰকাৰে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে। ইয়াৰ ভিতৰত আছে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ সঞ্চালক প্ৰধান, মধ্যপ্ৰদেশ চৰকাৰৰ সচিব, জবলপুৰ সংমণ্ডলৰ আয়ুক্ত। কি পৰিস্থিতিত দুৰ্ঘটনা সংঘটিত হৈছিল, কিয় সুৰক্ষাৰ নিয়ম মানি চলা নহ’ল, অভিযানত কি কি অভাৱ আছিল, সেই বিষয়ে কমিটীয়ে তদন্ত কৰিব। প্ৰতিবেদনৰ ভিত্তিত দায়িত্ব নিৰ্ধাৰণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

কেইবাজনো বিষয়া-কৰ্মচাৰীক অপসাৰণ

দুৰ্ঘটনাটোত হোৱা গাফিলতিৰ বাবে দায়ীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে ব্যৱস্থা গ্ৰহণ কৰি ক্ৰুজ পাইলট মহেশ পেটেল, হেল্পাৰ ছোটোলাল গণ্ড, আৰু টিকট কাউণ্টাৰৰ দায়িত্বত থকা ব্রিজেন্দ্ৰৰ সেৱা বন্ধ কৰি দিছে৷ ইয়াৰ উপৰিও হোটেল মাইকাল ৰিজ’ৰ্ট আৰু ব’ট ক্লাব বৰগীৰ মেনেজাৰ সুনীল মাৰাৱীক নিলম্বন কৰা হৈছে। আঞ্চলিক পৰিচালক সঞ্জয় মালহোট্ৰাক মুখ্য কাৰ্যালয়ৰ সৈতে সংযুক্ত কৰি বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে কোনো কাৰণতে দোষীক ৰেহাই দিয়া নহ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande