মধ্যপ্ৰদেশৰ বৰগী ডেমত সংঘটিত দুৰ্ঘটনাত নিৰুদ্দেশ লোকৰ সন্ধান অব্য়াহত, সেনাৰ সহায় গ্ৰহণ
জবলপুৰ/ভূপাল, ০২ মে’ (হি.স.)। মধ্যপ্ৰদেশৰ জবলপুৰৰ বৰগী বান্ধত সংঘটিত ক্ৰুজ জাহাজ দুৰ্ঘটনাৰ পিছত শনিবাৰেও নিৰুদ্দেশ হোৱা চাৰিজন লোকৰ সন্ধান অব্যাহত ৰাখিছে। এনডিআৰএফ আৰু এছডিআৰএফৰ সৈতে সেনা জোৱানসকলো এই অনুসন্ধানত জড়িত হৈ পৰিছে যদিও দুপৰীয়ালৈকে কোন
बरगी डैम क्रूज हादसा


क्रूज हादसे के पीड़ितों से मिले मुख्यमंत्री


জবলপুৰ/ভূপাল, ০২ মে’ (হি.স.)। মধ্যপ্ৰদেশৰ জবলপুৰৰ বৰগী বান্ধত সংঘটিত ক্ৰুজ জাহাজ দুৰ্ঘটনাৰ পিছত শনিবাৰেও নিৰুদ্দেশ হোৱা চাৰিজন লোকৰ সন্ধান অব্যাহত ৰাখিছে। এনডিআৰএফ আৰু এছডিআৰএফৰ সৈতে সেনা জোৱানসকলো এই অনুসন্ধানত জড়িত হৈ পৰিছে যদিও দুপৰীয়ালৈকে কোনো সফলতা লাভ কৰা নাছিল। বান্ধটোত প্ৰবল বতাহ আৰু ঢৌৱে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত উপস্থিত আছে আৰক্ষী আৰু প্ৰশাসনিক বিষয়া।

দুৰ্ঘটনা সংঘটিত হোৱাৰ ৪০ ঘণ্টাৰো অধিক সময় পাৰ হৈ গ’ল যদিও তিনিটা শিশুসহ চাৰিজন নিৰুদ্দেশ হোৱা লোকৰ কোনো শুংসূত্ৰ পোৱা নাই। বৰগী চহৰৰ চি এছ পি অঞ্জুল অয়ংক মিশ্ৰই জনোৱা মতে, শনিবাৰে পুৱা প্ৰায় ৭ বজাৰ পৰা অনুসন্ধান আৰম্ভ হয়। নিৰুদ্দেশ হোৱা চাৰিজন লোকৰ সন্ধানত এনডিআৰএফ আৰু এছডিআৰএফক সহায় কৰিবলৈও সেনাবাহিনীক তালিকাভুক্ত কৰা হৈছে। নাওখনৰ আকাৰ সৰু হোৱাৰ বাবে প্ৰচণ্ড বতাহত সাৱধানে উদ্ধাৰ অভিযান চলাব লগা হয় ।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত জবলপুৰৰ নৰ্মদা নদীৰ বৰগী বান্ধত হঠাৎ ধুমুহাৰ ফলত পৰ্যটন বিভাগৰ এখন ক্ৰুজ ডুব যায়। দুৰ্ঘটনাৰ সময়ত ক্ৰুজখনত আছিল ৪৫ জনতকৈ অধিক পৰ্যটক। শুকুৰবাৰে সন্ধিয়ালৈকে চলি থকা উদ্ধাৰ অভিযানৰ সময়ত ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে ২৮ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তিনিটা শিশুসহ চাৰিজন লোক নিৰুদ্দেশ হৈ আছে আৰু এই খবৰ লিখাৰ সময়লৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা নাই। শুকুৰবাৰে সন্ধিয়া উদ্ধাৰ অভিযানৰ সময়তো ধাৰাসাৰ বৰষুণ আৰম্ভ হয়, যাৰ বাবে অনুসন্ধান বন্ধ কৰা হয়। শনিবাৰে পুৱা পুনৰ অনুসন্ধান আৰম্ভ হয়। সম্প্ৰতি নিৰুদ্দেশ হোৱা চাৰিজন লোকৰ সন্ধান অব্যাহত আছে ।

বৰগী বান্ধৰ দুৰ্যোগত মৃত্যু হোৱাসকলৰ ভিতৰত আছে জবলপুৰৰ কোতৱালিৰ নিবাসী নীতু সোণী (৪৩); তামিলনাডুৰ পশ্চিম তাৰাপুৰমৰ আন্না নগৰৰ বাসিন্দা সৌভাগ্যম আলাগান (৪২); নতুন দিল্লীৰ খাজান বস্তিৰ বাসিন্দা মধুৰ মেছি (৬২); জবলপুৰৰ পশ্চিম ভূমি খামৰীয়া নিবাসী কামৰাজৰ পত্নী ককুলাঝি (৩৮); জেকচন হোটেলৰ ওচৰৰ ভাচিন আৰ্কেডৰ চিভিল লাইনছৰ বাসিন্দা ৰেছমা চৈয়দ (৬৬); ভোপালৰ দেৰখী নিবাসী ছামিম নাকভি (৬৮); দিল্লীৰ বাসিন্দা প্ৰদীপ মেছিৰ পত্নী মেৰিনা মেছি (৩৯); দিল্লীৰ বাসিন্দা প্ৰদীপ মেছিৰ পুত্ৰ ত্ৰিশন (৪); আৰু জবলপুৰৰ ঘামাপুৰৰ কাষৰ ফুটলাতালৰ বাসিন্দা জ্যোতি সেন। এতিয়াও সন্ধানহীন হৈ আছে তিনিটা শিশুসহ চাৰিজন লোক । ইয়াৰ ভিতৰত কামৰাজৰ পুত্ৰ শ্ৰীতামিল (৫); শ্ৰীৰামলিংমৰ পুত্ৰ কামৰাজ; কৃষ্ণ সোণীৰ পুত্ৰ বিৰাজ সোণী (৬); আৰু পৰিমলৰ পুত্ৰ ময়ুৰম (৯)।

এই দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে লক্ষণীয় ব্যৱস্থা গ্ৰহণ কৰিছে। শুকুৰবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি ভুক্তভোগীক সাক্ষাৎ কৰি সন্ধিয়া গভীৰ ভাগত গাফিলতিৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ক্ৰুজ পাইলট মহেশ পেটেল, হেল্পাৰ ছোটেলাল গণ্ড, আৰু টিকট কাউণ্টাৰৰ দায়িত্বত থকা ব্রিজেন্দ্ৰৰ সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে। গাফিলতিৰ বাবে নিলম্বন কৰা হৈছে হোটেল মাইকাল ৰিজ’ৰ্ট আৰু ব’ট ক্লাবৰ বৰগীৰ মেনেজাৰ সুনীল মাৰাৱীক। আঞ্চলিক পৰিচালক সঞ্জয় মালহোট্ৰাক মুখ্য কাৰ্যালয়ৰ সৈতে সংযুক্ত কৰি বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।

দুৰ্ঘটনাটোৰ প্ৰতিটো দিশৰ পুংখানুপুংখ তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড০ যাদৱে গঠন কৰিছে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি। এই কমিটীত আছে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ সঞ্চালক প্ৰধান, মধ্যপ্ৰদেশ চৰকাৰৰ সচিব, জবলপুৰ সংমণ্ডলৰ আয়ুক্ত। এই কমিটীয়ে দুৰ্ঘটনাৰ কাৰণ, ক্ৰুজ অপাৰেচনৰ নিয়ম, আৰু অন্যান্য প্ৰাসংগিক তথ্য তিনিটা দিশত দুৰ্ঘটনাটোৰ পুংখানুপুংখভাৱে তদন্ত কৰিব। তদন্তৰ অন্তত ভৱিষ্যতে এনে কৰুণ ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande