
নতুন দিল্লী, ০২ মে’ (হি.স.)। দুৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাত নাগৰিকক ক্ষিপ্ৰ তথ্য প্ৰদানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আজি ‘চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম’ পৰীক্ষা কৰে। ই একেলগে সকলো মোবাইল ফোন স্ক্ৰীণত মেছেজ বক্সত জৰুৰীকালীন বাৰ্তা প্ৰদৰ্শন কৰে আৰু দৃষ্টি আকৰ্ষণ কৰিবলৈ এক সুকীয়া বিপ শব্দৰে কম্পন কৰে।
যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এটা অনুষ্ঠানত ৰিম’টৰ জৰিয়তে দেশজোৰা পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰে।
এই পৰীক্ষাৰ অংশ হিচাপে সমগ্ৰ দেশৰ মোবাইল ফোনসমূহে প্ৰায় ১১:৪৫ বজাত একেলগে বিপ শব্দৰ সৈতে জৰুৰীকালীন সতৰ্কবাণী বাৰ্তা লাভ কৰে। বাৰ্তাটোত স্পষ্ট কৰি দিয়া হৈছে যে এইটো এটা পৰীক্ষা আৰু জনসাধাৰণে কোনো ব্যৱস্থা লোৱাৰ প্ৰয়োজন নাই। এই অত্যাধুনিক ব্যৱস্থাটো যোগাযোগ মন্ত্ৰালয়ৰ দূৰসংযোগ বিভাগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (এনডিএমএ) সহযোগত প্ৰস্তুত কৰিছে, যাতে দুৰ্যোগৰ সময়ত নাগৰিকসকলৰ মাজত গুৰুত্বপূৰ্ণ তথ্যসমূহ সময়মতে প্ৰচাৰ কৰাটো নিশ্চিত কৰা হয়।
এনডিএমএই টেলিকমিউনিকেচন বিভাগৰ প্ৰধান গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ টেলিমেটিক্স (চি-ডিঅ'টি)ৰ দ্বাৰা বিকশিত কৰা সংহত সতৰ্কতা ব্যৱস্থা চেচেট সফলতাৰে আৰম্ভ কৰিছে। এই ব্যৱস্থাটো আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘই পৰামৰ্শ দিয়া কমন এলাৰ্টিং প্ৰট’কল (চিএপি)ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। বৰ্তমান ই দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইকেইখনতে কাৰ্যক্ষম হৈ আছে, ভৌগোলিকভাৱে লক্ষ্য কৰি লোৱা অঞ্চলত মোবাইল ব্যৱহাৰকাৰীসকলক এছএমএছৰ জৰিয়তে দুৰ্যোগ আৰু জৰুৰীকালীন সতৰ্কবাণী প্ৰদান কৰে।
চৰকাৰী তথ্য অনুসৰি প্ৰাকৃতিক দুৰ্যোগ, বতৰৰ সতৰ্কবাণী, ঘূৰ্ণীবতাহৰ পৰিঘটনাৰ সময়ত এই ব্যৱস্থাৰ জৰিয়তে এতিয়ালৈকে ১৯টাতকৈও অধিক ভাৰতীয় ভাষাত ১৩৪ বিলিয়নতকৈ অধিক এছএমএছ সতৰ্কবাণী প্ৰচাৰ কৰা হৈছে।
দুৰ্যোগ সতৰ্ক ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ বাবে এতিয়া এছএমএছৰ উপৰিও চেল ব্ৰডকাষ্ট (চিবি) প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰযুক্তিয়ে নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ ভিতৰত সকলো মোবাইল ডিভাইচলৈ একেলগে সতৰ্কবাণী সম্প্ৰচাৰ কৰাৰ অনুমতি দিয়ে, যাৰ ফলত প্ৰায় বাস্তৱ সময়ৰ তথ্য প্ৰদান সম্ভৱ হয়।
এই ব্যৱস্থাটো বিশেষভাৱে সময়ৰ প্ৰতি সংবেদনশীল পৰিস্থিতি যেনে চুনামী, ভূমিকম্প, বজ্ৰপাত, গেছ লিক, আৰু অন্যান্য ৰাসায়নিক বিপদৰ লগতে যুদ্ধ বা সামৰিক আক্ৰমণত উপযোগী হ’ব। চেল সম্প্ৰচাৰৰ ভিত্তিত এই থলুৱা ৰাজহুৱা জৰুৰীকালীন সতৰ্কতা ব্যৱস্থা গঢ়ি তোলা আৰু কাৰ্যকৰী কৰাৰ দায়িত্ব চি-ডিঅ’টিক অৰ্পণ কৰা হৈছে।
প্ৰথম অনুশীলনৰ অংশ হিচাপে দিল্লী-এনচিআৰকে ধৰি সকলো ৰাজ্যৰ ৰাজধানীতে মোবাইল ব্যৱহাৰকাৰীলৈ ইংৰাজী, হিন্দী আৰু আঞ্চলিক ভাষাত পৰীক্ষামূলক বাৰ্তা প্ৰেৰণ কৰা হৈছিল। বাৰ্তাটোত কোৱা হৈছে যে, ভাৰতে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিজৰ নাগৰিকসকলৰ বাবে দ্ৰুত দুৰ্যোগ সতৰ্কতা সেৱাৰ বাবে চেল ব্ৰডকাষ্ট আৰম্ভ কৰিছে। সতৰ্ক নাগৰিকক, সুৰক্ষিত ৰাষ্ট্ৰ। এই বাৰ্তা লাভ কৰাৰ লগে লগে কোনো ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন নাই। এইটো এটা পৰীক্ষামূলক বাৰ্তা।
পৰীক্ষণৰ সময়ত মেট্ৰ’, বাছ, আৰু অন্যান্য ৰাজহুৱা স্থানত একেলগে হোৱা সতৰ্কবাণীৰ ফলত জনসাধাৰণৰ মাজত কিছু সময় বিভ্ৰান্তি আৰু আতংকৰ সৃষ্টি হৈছিল যদিও বাৰ্তাটো পঢ়াৰ পিছত তেওঁলোকে সকাহৰ উশাহ লোৱাত পৰিস্থিতি স্বাভাৱিক হৈ পৰে।
চৰকাৰে ইয়াক সতৰ্ক নাগৰিক, সুৰক্ষিত ৰাষ্ট্ৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে আৰু এনে পৰীক্ষামূলক বাৰ্তাৰ বাবে নাগৰিকসকলক আতংকিত নহ'বলৈ আহ্বান জনাইছে, কিয়নো তেওঁলোকৰ উদ্দেশ্য কেৱল দুৰ্যোগৰ সময়ত দ্ৰুত তথ্য ব্যৱস্থাৰ পৰীক্ষা আৰু শক্তিশালী কৰা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া