
কামৰূপ, ০২ মে’ (হি.স.): কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত উপৰহালীস্থিত কেৰিয়াৰ প্লাছ একাডেমীত কালি বিয়লি ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবেলি কেৰিয়াৰ প্লাছ একাডেমীৰ পৰা ১২০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১১৯ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়।
জানিব পৰা অনুসৰি বিশেষ ব্যক্তিগত কাৰণত এগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত সম্পূৰ্ণৰূপে অৱতীৰ্ণ হ'ব নোৱাৰিলে। কেৰিয়াৰ প্লাছ একাডেমীৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য শাখা মিলি এইবেলি সৰ্বমুঠ ২৫ গৰাকীয়ে ডিষ্টিংচন, ৬১ গৰাকীয়ে ষ্টাৰ মাৰ্ক, ৯৮ গৰাকীয়ে প্ৰথম বিভাগ, ১৮ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩ গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। কলা আৰু বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে বাণিজ্য শাখাত এগৰাকী অনুপস্থিতিত ৯৯.১৭ শতাংশ উত্তীৰ্ণ হয়।
আশানুৰূপ ফলাফলক লৈ একাডেমীখনত এক উৎসৱমুখৰ পৰিৱেশৰ মাজত কেৰিয়াৰ প্লাছ একাডেমীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে তেওঁলোকৰ অনাগত সময়ত ইয়াতকৈ আৰু অধিক ভাল ফলাফল লাভ কৰিব বুলি একাডেমী কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে। উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলেও কেৰিয়াৰ প্লাছ একাডেমীৰ কৰ্তৃপক্ষক বিশেষ ভাৱে প্ৰশংসা কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ