
নতুন দিল্লী, ০২ মে’(হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে গণনা কেন্দ্ৰৰ আশে-পাশে আইন-শৃংখলা নিৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগে ১৬৫ জন অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু ৭৭ জন আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰিছে। আয়োগে কয় যে অতিৰিক্ত গণনা পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে যাতে গণনা প্ৰক্ৰিয়াটো নিৰাপদ, শান্তিপূৰ্ণ, ভয়মুক্ত আৰু স্বচ্ছ পৰিৱেশত চলোৱা হয়।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতৰ সংবিধানৰ ৩২৪ নং অনুচ্ছেদ আৰু ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ২০ বি ধাৰাত নিৰ্বাচন আয়োগক প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি এই নিযুক্তিসমূহ কৰা হৈছে। এই সময়ছোৱাত পৰ্যবেক্ষকসকলক আয়োগলৈ প্ৰতিনিধি হিচাপে বিবেচনা কৰা হ’ব আৰু ইয়াৰ তত্বাৱধান আৰু নিয়ন্ত্ৰণত কাম কৰিব। এটাতকৈ অধিক গণনা হল থকা ১৬৫টা বিধানসভা সমষ্টিৰ গণনা পৰ্যবেক্ষকসকলক সহায় কৰিবলৈ অতিৰিক্ত গণনা পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছে।
আৰক্ষী পৰ্যবেক্ষকসকলে তেওঁলোকৰ নিৰ্দিষ্ট গণনা কেন্দ্ৰৰ আশে-পাশে নিৰাপত্তা আৰু আইন-শৃংখলা নিৰীক্ষণ কৰিব আৰু নিৰাপত্তাৰ ব্যৱস্থা আয়োগৰ নিৰ্দেশনা অনুসৰি হোৱাটো নিশ্চিত কৰিব। অৱশ্যে গণনাৰ দিনা কোনো কাৰণতে আৰক্ষীৰ পৰ্যবেক্ষকে গণনা হলত প্ৰৱেশ নকৰে। গণনা প্ৰক্ৰিয়াৰ বাবে নিয়োগ কৰা গণনা তত্বাৱধায়ক আৰু অন্যান্য নিৰ্বাচনী যন্ত্ৰৰ সৈতে ঘনিষ্ঠ সমন্বয়ত কাম কৰিব আৰক্ষী পৰ্যবেক্ষকে।
हिन्दुस्थान समाचार / অৰৱিন্দ