
গুৱাহাটী, ০২ মে’ (হি.স.): জনপ্ৰিয় কন্ঠশিল্পী অসমৰ হিয়াৰ আমঠু জুবীন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ওপৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে ৰায়দান কৰিব। জামিন আবেদনৰ শুনানি সম্পূৰ্ণ হোৱাৰ পাছত আদালতে ৰায়টো ২ মে’লৈ সংৰক্ষণ কৰি ৰাখিছিল।
উল্লেখযোগ্য যে, এই গোচৰত অভিযোগ নিশ্চিত (চাৰ্জ ফ্ৰেমিং) সন্দৰ্ভত হোৱা শুনানিৰ আজি অন্তিম দিন। সকলো অভিযুক্তই চাৰ্জ ফ্ৰেমিং সম্পৰ্কে আগবঢ়োৱা নিজৰ যুক্তিৰ লিখিত প্ৰতিলিপি আজি আদালতত দাখিল কৰিব। আজিৰ পিছত চাৰ্জ ফ্ৰেমিং সন্দৰ্ভত আদালতত আৰু কোনো শুনানি নাথাকিব।
বিএনএছএছৰ বিধান অনুসৰি, অহা দুমাহত আদালতে এই গোচৰত সিদ্ধান্ত প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, এই গোচৰৰ আন এজন মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন ইতিমধ্যে ৩০ এপ্ৰিলত আদালতে খাৰিজ কৰিছে। গোচৰটোৰ ন্যায়িক প্ৰক্ৰিয়া আগবাঢ়ি গৈ আছে।
----------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ