
কোকৰাঝাৰ, ০২ মে’ (হি.স.): সদ্য় সমাপ্ত নিৰ্বাচনত এনডিএই লাভ কৰিব ৮০+ আসন। ইয়াৰ উপৰি বিটিচিৰ ১৫ খন আসনেই লাভ কৰিব এনডিএই ৷ এই মন্তব্য় বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হবলৈ আৰু মাথো দুটা দিন বাকী থকা অৱস্থাত যোৱা কালি শুকুৰবাৰে বিয়লি কোকৰাঝাৰৰ চন্দামাৰী স্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী পৰ্যালোচনা কৰে ।
সভাত তৃণমুল পৰ্যায়ৰ পৰা দলীয় ৰিপৰ্ট লৈ হাগ্ৰামা মহিলাৰীয়ে পিছত সংবাদমাধ্যমৰ আগত কয় যে বিটিচিৰ ১৫ টা সমষ্টিৰ ভিতৰত ১৫ টা সমষ্টিয়ে এনডিএই লাভ কৰিব । পৰ্বতঝোৰা, বিজনী আৰু তামোলপুৰ সমষ্টিত এনডিএৰ বিজয়ৰ ক্ষেত্ৰত অলপ সন্দেহ আছিল, কিন্তু পৰ্যালোচনা কৰাৰ পিছত দেখা গল যে উক্ত তিনিটা সমষ্টিত ৪০০০ ভোটৰ ব্যৱধানত জিকিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে। আন সমষ্টিকেইটাত ২০ হাজাৰতকৈ অধিক ব্যৱধানত জিকিব বুলি দাবী কৰিছে । বিটিচিৰ ১৫ টা সমষ্টিৰ ভিতৰত ১৫ টাতে আৰু ৰাজ্যত সৰ্বমুঠ ৮০ + সমষ্টিত এনডিৰ বিজয় নিশ্চিত বুলিও দাবী কৰে মহিলাৰীয়ে ৷
আনহাতে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত মন্ত্ৰীত্ব দিলে লম নিদিলে নাই বুলি মন্তব্য কৰি সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে বিটিচি শক্তিশালী কৰাই তেওঁলোকৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ