জুবীন গাৰ্গ হত্যাকাণ্ডঃ ৪ মে’ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায়
গুৱাহাটী, ০২ মে’ (হি.স.)। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডত মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ওপৰত বিশেষ আদালতে অহা ৪ মে’ত ৰায় ঘোষণা কৰিব। শুনানি সমাপ্ত হোৱাৰ পাছত আদালতে ৰায় ২ মে’ত ঘোষণা কৰাৰ বাবে সংৰক্ষণ কৰিছিল যদিও আজি পুনৰ
Zubeen Garg


গুৱাহাটী, ০২ মে’ (হি.স.)। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডত মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ওপৰত বিশেষ আদালতে অহা ৪ মে’ত ৰায় ঘোষণা কৰিব। শুনানি সমাপ্ত হোৱাৰ পাছত আদালতে ৰায় ২ মে’ত ঘোষণা কৰাৰ বাবে সংৰক্ষণ কৰিছিল যদিও আজি পুনৰ ৪ মে’লৈ স্থগিত কৰা হৈছে।

উল্লেখ্য় যে গোচৰটোত অভিযোগ নিশ্চিত কৰা (চাৰ্জ ফ্ৰেমিং) সন্দৰ্ভত চলি থকা শুনানিৰ আজি অন্তিম দিন আছিল । আদালতত সকলো অভিযুক্তই নিজৰ পক্ষৰ যুক্তিৰ লিখিত প্ৰতিলিপি আদালতত দাখিল কৰে । ইয়াৰ পিছত চাৰ্জ ফ্ৰেমিং সন্দৰ্ভত আৰু কোনো শুনানি নাথাকিব। বিএনএচএচৰ বিধান অনুসৰি, অহা দুমাহৰ ভিতৰত আদালতে চাৰ্জ ফ্ৰেমিং সম্পৰ্কীয় সিদ্ধান্ত ঘোষণা কৰিব লাগিব ।

উল্লেখ্য যে, এই গোচৰৰ আন এজন মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন ইতিমধ্যে ৩০ এপ্ৰিলত খাৰিজ কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্য়ায় দিবলৈ ন্যায়িক প্ৰক্ৰিয়া নিৰন্তৰ আগবাঢ়ি আছে।

------------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande