
মৰিগাঁও, ০২ মে’ (হি.স.): মৰিগাঁও জিলাৰ লাহৰীঘাটত সাংবাদিকৰ ওপৰত জুৱাৰীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে | সাংবাদিকক মাৰপিট কৰাৰ লগতে সা–সামগ্ৰী ভাঙি ছিঙি লণ্ডভণ্ড কৰিলে | জুৱাৰীৰ আক্ৰমণত আহত লাহৰীঘাটৰ সাংবাদ দাতা সকল |
জানিব পৰামতে, সাংবাদিক জহিৰুল ইছলাম লগতে আঃ ৰফিক আনচাৰী সংবাদ দাতা,গালিফ হুচেইন সাংবাদিক, কেমেৰামেন বাছিৰ উদ্দিনৰ লগত লাহৰীঘাটত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। যোৱা কালি শুকুৰবাৰে বিয়লি লাহৰীঘাটৰ কাঠনি বিলপাৰ নৈৰ পাৰত জুৱা খেল চলি থকাৰ খবৰ পাই কেবা গৰাকী সাংবাদিক বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত জুৱাৰীয়ে সংবাদ কৰ্মী সকলক মাৰপিট কৰি মোবাইল ফোন, কেমেৰা কাঢ়ি লৈ মাৰপিট কৰে। সাংবাদিক সকলে পৰিস্থিতি ভয়াৱহ দেখি নিজক বচাবলৈ চেষ্টা কৰে । জুৱাৰী সকলে সংবাদ কৰ্মী সকলক প্ৰায় ডেৰ - দুই ঘণ্টা সময় আৱদ্ধ কৰি ৰাখে । অৱশেষত সংবাদ কৰ্মী সকলক আহিব দিয়ে। এই বিষয়ে ভেলৌগুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ