দক্ষিণ কৰিমগঞ্জৰ ব্ৰাহ্মণশাসন গাঁৱত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা
কৰিমগঞ্জ, ১৯ মে’ (হি.স.)। কৰিমগঞ্জত মাজনিশা সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । ঘৰৰ দেৱাল ভাঙি মাটিৰ তলত হেঁচা মাৰি ধৰে একেটা পৰিয়ালৰ তিনিজন সদস্য। দীৰ্ঘ সময় মাটিৰ তলত আবদ্ধ হৈ থকাৰ পিছত উদ্ধাৰ কৰা হয় তিনিওজনক। চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হ’
দক্ষিণ কৰিমগঞ্জৰ ব্ৰাহ্মণশাসন গাঁৱত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা


কৰিমগঞ্জ, ১৯ মে’ (হি.স.)। কৰিমগঞ্জত মাজনিশা সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।

ঘৰৰ দেৱাল ভাঙি মাটিৰ তলত হেঁচা মাৰি ধৰে একেটা পৰিয়ালৰ তিনিজন সদস্য।

দীৰ্ঘ সময় মাটিৰ তলত আবদ্ধ হৈ থকাৰ পিছত উদ্ধাৰ কৰা হয় তিনিওজনক।

চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হ’ল দক্ষিণ কৰিমগঞ্জৰ ব্ৰাহ্মণশাসন গাঁৱৰ মিঠুন মহন্ত নামৰ লোকজনৰ ঘৰত।

গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংক আৰু চাঞ্চল্য ।

স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আহত সকলক বাহিৰলৈ উলিয়াই অনা হয়।

ধাৰাসাৰ বৰষুণৰ ফলতেই এই ভয়াবহ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande