
শোণিতপুৰ, ১৯ মে (হি.স.)। জামুগুৰিহাটৰ কুসুমটোলাত এখন বলেৰ পিকআপ বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এখন বলেৰো পিকআপ বাহন বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হ'ল এ আৰ ০১ ভি ৪১৭৬। এই দুৰ্ঘটনাত এজন লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু