স্থবিৰ হৈ পৰিছে ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ কাম
স্থবিৰ হৈ পৰিছে ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ কাম ।
স্থবিৰ হৈ পৰিছে ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ কাম


গোলাঘাট, ১৯ মে’ (হি.স.): ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ কাম সম্প্ৰতি স্থবিৰ হৈ পৰিছে। বিগত পাঁচ বছৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই গোলাঘাট জিলাৰ ঐতিহাসিক ধোদৰ আলিৰ ।

উল্লেখ্য় যে অসম মালাৰ অধীনত ২০২১ চনতেই পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি বৰ্তমান ৯০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পাছত কেইবাটাও স্থানত বন্ধ হৈ পৰিছে পথ নিৰ্মাণৰ কাম । বিশেষকৈ গোলাঘাটৰ পৰা কমাৰগাঁও সংযোগী পথটোৰ কেইবাটাও স্থানত অসম্পূৰ্ণ হৈ ৰৈছে পথটোৰ নিৰ্মাণ কাৰ্য্য । ইপিনে কেইবাটাও পৰিয়ালক ক্ষতিপূৰণ নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে । ক্ষতিপূৰণ লাভ নকৰালৈকে গৃহ স্থানান্তৰ কৰিব পৰা নাই কেইবাটাও পৰিয়ালে । যাৰ ফলত কেইবাটাও স্থানত স্তব্ধ হৈ পৰিছে পথটো নিৰ্মাণৰ কাম । তদুপৰি পথটোৰ কেইবাটাও স্থানত এতিয়া কেইবাটাও পুখুৰীসদৃশ গাঁত সৃষ্টি হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande