
শিৱসাগৰ, ১৯ মে’ (হি.স.): বিপদত পৰিছে এক নং চিন্তামণিগড়ৰ এটা পৰিয়াল। স্বামী গৃহৰ পৰা মোবাইল ঠিক কৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছে এগৰাকী বিবাহিতা মহিলা । উপায়হীন হৈ অৱশেষত সাংবাদিকৰ কাষ চাপিল অসহায় পৰিয়ালটো ।
উল্লেখ্য় যে ৮ বছৰ পুৰ্ব্বে এক নং চিন্তামণিগড়ৰ বুজান আলি নামৰ ব্যক্তিজনৰ কন্যা নাজমা বেগম লিগিৰীপুখুৰী চাহবাগিছাৰ জুমা আলি নামৰ ব্যক্তিজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । পিছে যোৱা ১২ মেৰ পৰা বিবাহিতা মহিলা গৰাকী স্বামী গৃহৰ পৰা নিৰুদ্দেশ হৈ আছে । নিৰুদ্দেশৰ সন্দৰ্ভত মহিলা গৰাকীৰ স্বামী আৰু পিতৃয়ে আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় জাননী দাখিল কৰিছে । কন্যাৰ নিৰুদ্দেশৰ পিছতেই এক নং চিন্তামণিগড়ৰ পিতৃগৃহত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে । মহিলা গৰাকীৰ এগৰাকী পাঁচ বছৰীয়া কন্যা সন্তান আছে । কোনো সদাশয় ব্যক্তিয়ে যদি এই মহিলা গৰাকীক কৰবাত দেখা পায় তেনেহ'লে পৰিয়ালৰ 9678706645 অথবা 9101856147 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ