
মাজুলী, ১৯ মে’ (হি.স.): উজনি মাজুলীৰ সদা ব্যস্ত ফুলনি চাৰিআলিৰ পৰা অভয়পুৰীয়া, ভকতিদুৱাৰ হৈ নতুন বজাৰ, হালধিবাৰী পৰ্যন্ত প্ৰধান ঘাইপথটোৰ ফুলনি চাৰিআলিৰ মাজমজিয়াত এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী হৈ পৰাত যাতায়তৰ নামত সৰ্বসাধাৰণ ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হৈ আহিছে। নিতৌ কেইবাখনো মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, মধ্য ইংৰাজী, প্ৰাথমিক বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীয়ে পকী পথ হোৱা স্বত্বেও পকী পথৰ ওপৰত হৈ পৰা বোকাপানীৰ বাবে বিদ্যালয়লৈ যাওঁতে দুৰ্ভোগ ভুগিব লগা হৈ আহিছে।
ভকতিদুৱাৰৰ দিশে ফুলনি চাৰিআলিৰ পৰা অহা পথটোৰ কালভাৰ্টটোৰ মুখ অংশ বন্ধ হৈ পৰাত আৰু কাৰ্লভাটটোৰ দুই মুখ বহি যোৱাত একাঠু পৰ্যন্ত পানী হোৱা অংশত চাইকেল লৈ বিদ্যালয়লৈ অহা কেইবাজনো ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হৈছে। ইতিমধ্যে উক্ত পানীৰ গাঁতত কেইবাখনো টমটম সহ যাত্ৰী বাগৰি পৰি দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছে বুলি স্থানীয় ব্যৱসায়ী সকলে জানিবলৈ দিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ