

ঋষিকেশ, ১৯ মে’ (হি.স.)। উত্তৰাখণ্ডৰ ঋষিকেশৰ যোগ নগৰী ৰে’ল ষ্টেচনৰ সমীপত সোমবাৰে গভীৰ নিশা উজ্জয়িনী এক্সপ্ৰেছৰ তিনিটা ডবা ৰে’লপথৰ পৰা লাইনচ্যুত হয়। নিশা প্ৰায় ১০ বজাত খান গাঁও অঞ্চলত এই ঘটনা ঘটে। সৌভাগ্যক্ৰমে ৰে’লখনত কোনো যাত্ৰী নাছিল, যাৰ ফলত এক বৃহৎ দুৰ্যোগ ৰোধ কৰা হৈছিল।
খবৰ অনুসৰি ৰেলৱেৰ চোতালত ৰক্ষণাবেক্ষণৰ কামৰ সময়ত ৰে’লখন শ্বাণ্ট কৰা হৈছিল। কাৰিকৰী বিজুতি বা ব্ৰেক বিকল হোৱাৰ সন্দেহ কৰা হৈছে । দুৰ্ঘটনাটোৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয়। বিস্ফোৰণৰ দৰে শব্দ শুনি ওচৰৰ মানুহে ঘৰৰ পৰা ওলাই আহিল। অলপ সময়ৰ ভিতৰতে স্থানীয় বহু সংখ্যক লোক ঘটনাস্থলীত উপস্থিত হয়।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জি আৰ পি আৰু আৰ পি এফৰ দলে দায়িত্ব লয় আৰু ট্ৰেকৰ পৰা মানুহক আঁতৰাই পেলায়। ৰে’ল আৰু প্ৰশাসনিক বিষয়াৰ সৈতে বৃহৎ আৰক্ষী বাহিনীও ঘটনাস্থলীত উপস্থিত হয়। ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে, মঙলবাৰে পুৱা ৬:১৫ বজাত ৰে’লখন যাত্ৰা কৰে। পুনৰুদ্ধাৰৰ কাম চলি আছে। ঘটনাস্থলীত উপস্থিত আছে সংশ্লিষ্ট বিষয়াসকল।
আৰ পি এফৰ পৰিদৰ্শক সৰোজ কুমাৰে উল্লেখ কৰে যে উজ্জয়িনী ৰে’লৰ এটা ডবা শ্বাণ্টিঙৰ সময়ত ৰে’লপথৰ পৰা ওলাই যায়। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় নিৰাপত্তাৰক্ষী দল। অৱশ্যে ঘটনা সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈছে। স্থানীয় বাসিন্দাসকলে ৰে’লখনৰ গতিবিধি, সুৰক্ষাৰ মানদণ্ড, লোকো পাইলটৰ উপস্থিতিৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। মানুহে অভিযোগ কৰে যে দুৰ্ঘটনাৰ পিছত বিষয়াসকলে স্পষ্ট তথ্য প্ৰদানৰ পৰা বিৰত থকা যেন লাগিছিল, যাৰ ফলত সন্দেহৰ ইন্ধন আৰু অধিক বৃদ্ধি পাইছিল। একাংশই সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।
প্ৰত্যক্ষদৰ্শীৰ মতে, ডবাবোৰ লাইনচ্য়ুত হোৱাৰ সময়ত ধাতুৰ সংঘৰ্ষৰ তীব্ৰ শব্দ বহু দূৰৈত শুনা গৈছিল। নিশাৰ ভাগত সংঘটিত এই দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটো কঁপাই তুলিছিল। সম্প্ৰতি ৰে’ল বিভাগে বিষয়টোৰ তদন্ত কৰি দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া