
ৱাশ্বিংটন, ১৯ মে’ (হি.স.)। কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ ইছলামিক চেণ্টাৰ কেম্পাছৰ মছজিদৰ সমীপত সোমবাৰে গুলীচালনাত তিনিজন লোক নিহত হয়। দাবী কৰা হৈছে যে দুজন কিশোৰ বন্দুকধাৰীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল। ইয়াৰ পিছতে ওচৰৰ এটা ৰাস্তাত গুলীচালনা কৰি আত্মহত্যা কৰে। আৰক্ষীয়ে তথ্য লাভ কৰি ইছলামিক চেণ্টাৰত উপস্থিত হৈ বাসিন্দাসকলক অলপ সময়ৰ বাবে ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়ে। ছান ডিয়েগোৰ আৰক্ষী অধীক্ষক স্কট ৱাহেলে এই কথা নিশ্চিত কৰিছে।
চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি জ্যেষ্ঠ আৰক্ষী বিষয়া স্কট ৱাহলে কয় যে ওচৰতে এখন গাড়ীৰ ভিতৰত দুজন সন্দেহযুক্ত আক্ৰমণকাৰীক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। সন্দেহযুক্ত লোক দুজনৰ বয়স ১৭ আৰু ১৮ বছৰ। ৱাহলে কয় যে এই কাণ্ডক ঘৃণাজনিত অপৰাধ হিচাপে তদন্ত কৰা হৈছে। ছান ডিয়েগোৰ ইছলামিক চেণ্টাৰৰ ইমাম তাহা হাছানে মানুহক ঘৃণা পৰিত্যাগ কৰি মিলাপ্ৰীতিৰে জীয়াই থাকিবলৈ আহ্বান জনায়। এই কমপ্লেক্সত মাদ্ৰাছা (বিদ্যালয়)ও আছে। গুলীচালনাৰ সময়ত তাত শিশুসকলে অধ্যয়ন কৰি আছিল। বন্দুকৰ গুলীৰ ফলত চোতালত বিশৃংখল হৈ পৰে।
ছান ডিয়েগোৰ আৰক্ষী অধীক্ষক স্কট ৱাহেলে কয় যে এই আক্ৰমণৰ প্ৰথম খবৰ পোৱা গৈছিল প্ৰায় ১১:৪৩ বজাত, এই কাণ্ডৰ দুঘণ্টা পূৰ্বে এগৰাকী মহিলাই নিজৰ পুত্ৰ নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল। কেইবাটাও অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই লৈ ফুৰিছিল বুলিও কয় ছানীয়ে। তাৰ গাড়ীখনো নোহোৱা হৈছিল। ইছলামিক চেণ্টাৰক কোনো ধৰণৰ ভাবুকি পোৱা নাই বুলিও তেওঁ কয়। এই ঘটনাৰ সকলো দিশৰ পৰা তদন্ত অব্যাহত আছে। ইছলামিক চেণ্টাৰৰ ইমাম ইমাম তাহাই সংবাদমেলত কয় যে মুছলমান সমাজ শোকত ভাগি পৰিছে। তেওঁ ক'লে, এইটো আমি কেতিয়াও আশা কৰা নাছিলো।
এই আক্ৰমণত ইছলামিক চেণ্টাৰৰ এজন চকীদাৰো নিহত হয়। তেওঁৰ পৰিচয় প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে আৰক্ষীয়ে। ছান ডিয়েগোৰ মেয়ৰ টড গ্ল’ৰিয়াই কয় যে এতিয়া পূজাস্থলীসমূহ সুৰক্ষিত কৰিবলৈ আৰক্ষী নিয়োগ কৰা হ’ব। কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে কয় যে ছান ডিয়েগোৰ ইছলামিক চেণ্টাৰত সংঘটিত হোৱা এই কাণ্ডত তেওঁ স্তম্ভিত হৈ পৰিছে। কেলিফৰ্ণিয়াত ঘৃণাৰ কোনো স্থান নাই। ধৰ্মীয় সম্প্ৰদায়ৰ ওপৰত হোৱা হিংসা সহ্য কৰা নহ’ব।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আমেৰিকাত উপাসনাস্থলীত আক্ৰমণ কৰা হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে মিচিগানৰ এটা ছিনাগগক লক্ষ্য কৰি লোৱা হৈছিল। ছান ডিয়েগোৰ ইছলামিক চেণ্টাৰত হোৱা এই ঘটনাক গৰিহণা দি ছ’চিয়েল মিডিয়াত টেম্পল ইজৰাইলে এক বিবৃতি প্ৰকাশ কৰে। বৰ্তমান ছিনাগগৰ ৰাব্বি ৱাশ্বিংটনত আছে। তেওঁ সমগ্ৰ আমেৰিকাত উপাসনা স্থানসমূহ সুৰক্ষিত কৰাত সহায় কৰিবলৈ ধন সংগ্ৰহ কৰিছে। তেওঁৰ লক্ষ্য হৈছে এক বিলিয়ন ডলাৰ সংগ্ৰহ কৰা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া