
ধুবুৰী, ১৯ মে’ (হি.স.): চাৰিলেন যুক্ত ঘাইপথত পাগলাহাট আৰক্ষী চকীয়ে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ঘাইপথৰ ওপৰত শুকুৱাবলৈ মেলি থোৱা মাখৈ, ধান আদি সামগ্ৰীসমূহ আৰক্ষীসকলে নিজে উপস্থিত হৈ আঁতৰাই দিয়া পৰিলক্ষিত হয়। লগতে সাধাৰণ ৰাইজক এই বিষয়ত সজাগ আৰু সতৰ্ক কৰি দিয়ে আৰক্ষীয়ে।
আৰক্ষীসকলে জনোৱা মতে, চাৰিলেন যুক্ত ঘাইপথত এইদৰে ধান, মাখৈ আদি মেলি দিয়াৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আছে। বিশেষকৈ দ্ৰুতবেগী বাহনসমূহে নিয়ন্ত্ৰণ হেৰুৱাই পথ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ আশংকা বৃদ্ধি পাইছে।সেয়েহে আৰক্ষী বিভাগে সকলো ৰাইজক অনুৰোধ জনাইছে যাতে কোনো লোকেই ঘাইপথৰ ওপৰত এইধৰণৰ সামগ্ৰী মেলি নিদিয়ে আৰু নিজৰ লগতে আনৰ জীৱনো সুৰক্ষিত ৰাখে। পাগলাহাট আৰক্ষী চকীৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ