ৰঙিয়াত স্বেচ্ছাসেৱী সংস্থা শংকৰ আজান স্বচ্ছতা সেৱা চোচাইটিৰ প্ৰশংসনীয় প্ৰদক্ষেপ
কামৰূপ, ১৯ মে (হি.স.)। জয় স্বচ্ছ কৰ্মী,জয় অসম জননী নামৰ কাৰ্য্যসূচীৰ জৰিয়তে ৰঙিয়া পৌৰসভাৰ অস্থায়ী চাফাই কৰ্মী সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে পানীৰ বটলকে ধৰি এটাকৈ লঘু আহাৰৰ টোপোলা বিতৰণ কৰে ৰঙিয়াৰ স্বেচ্ছাসেৱী সংস্থাটোৱে।

২০১৮চনতে ৰঙিয়াৰ বুকুত গঢ় লৈ উঠা এই স্বেচ্ছাসেৱী সংস্থাটোৱে ৰঙিয়া চহৰখনক পৰিস্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ ক্ষেত্ৰত ৰাইজক সজাগ তথা চাফাই কৰ্মী সকলক উৎসাহ দিয়াৰ বাবে এনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে।আনহাতে ৰঙিয়া পৌৰসভাৰ অস্থায়ী চাফাই কৰ্মী সকলক স্থায়ী নিযুক্তি দিয়াৰ বাবে তেওঁলোকে চৰকাৰক আহ্বান জনাই এই অনুষ্ঠানৰ জৰিয়তে।এইফালে ৰঙিয়াৰ বুকুত গঢ় লৈ উঠা শংকৰ আজান স্বচ্ছতা সেৱা চোচাইটি নামৰ এই স্বেচ্ছাসেৱী সংস্থাটোৱে আজিলৈ চৰকাৰৰ ফালৰ কোনো ধৰণৰ সহায় লাভ কৰা নাই যাৰ বাবে তেওঁলোকে অসম চৰকাৰৰ ফালৰ পৰা কিছু সহায় বিচাৰিছে সংবাদ মাধ্যমৰ জৰিয়তে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande