
ধুবুৰী, ১৯ মে’ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ হাতীধুৰাত যোৱা কালি সোমবাৰে বিয়লি এটা চোৰ আটক কৰা হয় । স্থানীয় ৰাইজে আটক কৰে চোৰটোক। চুৰি চাইকেল হাতীধুৰা দিল খুশী কাৰ ওৱাশত বিক্ৰী কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে চোৰটো। চোৰটো তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা গাঁৱৰ গোলাপ উদ্দিন শ্বেখ বুলি পৰিচয় পোৱা গৈছে ।
দুখনকৈ চাইকেল চুৰি কৰি বিক্ৰী কৰাৰ কথা স্বীকাৰোক্তি দিয়ে । হাতীধুৰা জামে মছজিদ, শাতশেওৰা বজাৰৰ পৰা চাইকেল চুৰি কৰাৰ স্বীকাৰোক্তি দিয়ে চোৰটোৱে। তামাৰহাট আৰক্ষী ঘটনাস্থলীত আহি চাইকেল চোৰটোক কৰায়ত্ত কৰি লৈ যায়। উল্লেখ্য যে, কিছুদিনৰ পৰা তামাৰহাট অঞ্চলত সঘনাই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে। উক্ত চুৰিকাণ্ডৰ লগত গোলাপ উদ্দিনৰ লগতে এটা চক্ৰ জড়িত থকাৰ অভিযোগ উঠিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ