তামুলপুৰৰ দক্ষিণ কুমাৰীকাটাত চুৰিৰ ঘটনা সংঘটিত
তামুলপুৰ, ১৯ মে (হি.স.)। তামুলপুৰৰ দক্ষিণ কুমাৰীকাটাত দিন-দুপৰতে শিক্ষয়িত্ৰীৰ ঘৰত ডকাইতিৰ কায়দাৰে লুণ্ঠন-সোণ-নগদ ধনেৰে লাখ টকাৰ সম্পত্তি লুটি নিলে চোৰে। তামুলপুৰৰ দক্ষিণ কুমাৰীকাটাত দিন-দুপৰতে সংঘটিত হৈছে এই ভয়ংকৰ চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযো
তামুলপুৰৰ দক্ষিণ কুমাৰীকাটাত চুৰিৰ ঘটনা সংঘটিত


তামুলপুৰ, ১৯ মে (হি.স.)। তামুলপুৰৰ দক্ষিণ কুমাৰীকাটাত দিন-দুপৰতে শিক্ষয়িত্ৰীৰ ঘৰত ডকাইতিৰ কায়দাৰে লুণ্ঠন-সোণ-নগদ ধনেৰে লাখ টকাৰ সম্পত্তি লুটি নিলে চোৰে।

তামুলপুৰৰ দক্ষিণ কুমাৰীকাটাত দিন-দুপৰতে সংঘটিত হৈছে এই ভয়ংকৰ চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ দুঃসাহসী চোৰে একেখন চোতালৰ দুটা বাসগৃহৰ তলা ভাঙি সোণ-ৰূপৰ অলংকাৰ, নগদ ধন আৰু বেংকৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ লুটি নিলে।

এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

একেখন বাসগৃহৰ আৰতি দেৱীৰ চুকেছ ভাঙি এডাল সোণৰ চেইন, এটা সোণৰ আঙুঠি আৰু ৮ হেজাৰ নগদ ধন নিয়াৰ লগতে একেখন চোতালৰ শংকৰদেৱ শিশু নিকেতন কুমাৰীকাটাৰ আচাৰ্যা অৰ্চনা শৰ্মাৰ বাসগৃহৰ লকাৰ ভাঙি এডাল সোণৰ নেকলেচ,সোণৰ চেইন এডাল, কানফুলি এজোৰ, সোণৰ আঙুঠি চাৰিটা, ৰূপাৰ চেইন এডাল সহ বেংকৰ বিভিন্ন গুৰুত্বপূৰ্ণ নথি পত্ৰ লৈ যায় দুৰ্বৃত্তই। প্ৰাথমিক হিচাপত লুণ্ঠিত সম্পত্তিৰ পৰিমাণ কেইবালাখ টকা বুলি অনুমান কৰা হৈছে।

চোৰে বাৰীৰ পিছফালৰ পৰা প্ৰৱেশ কৰি পাকঘৰৰ দুৱাৰ দাৰে ভাঙি ভিতৰ সোমায়। ঘৰৰ দৰ্জা-খিৰিকীও দাৰে ভাঙি তহিলং কৰে।

ঘটনাৰ খবৰ পাই কুমাৰীকাটা আৰক্ষী চকীৰ এটা দল তৎকালীনভাৱে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে, চকুৰ পচাৰতে বছৰ বছৰ ধৰি সাঁচি ৰখা সোণ-গহনা হেৰুৱাই কান্দোনত ভাগি পৰিছে দুয়োটা পৰিয়াল। দিনৰ পোহৰত সংঘটিত এই ডকাইতি সদৃশ চুৰিকাণ্ডই অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande