আৰ জি কৰ গোচৰৰ বৃহৎ পদক্ষেপ, সন্দীপ ঘোষৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি প্ৰদান; মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয়- ‘সত্যক দমন কৰিব নোৱাৰি’
কলকাতা, ১৯ মে’ (হি.স.)। এগৰাকী চিকিৎসক ছাত্ৰীৰ ধৰ্ষণ আৰু হত্যাৰ অভিযোগত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বিৰুদ্ধে গোচৰ চলাবলৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন সঞ্চালকালয়ক অনুমতি প্ৰদান কৰিছে। সোমবাৰে নিশা মুখ্যমন্ত্ৰ
शुभेंदु अधिकारी


কলকাতা, ১৯ মে’ (হি.স.)। এগৰাকী চিকিৎসক ছাত্ৰীৰ ধৰ্ষণ আৰু হত্যাৰ অভিযোগত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বিৰুদ্ধে গোচৰ চলাবলৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন সঞ্চালকালয়ক অনুমতি প্ৰদান কৰিছে। সোমবাৰে নিশা মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই কথা ঘোষণা কৰি ইয়াক “ন্যায়ৰ দিশত এক গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পদক্ষেপ” বুলি অভিহিত কৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিশেষ সচিবে জাৰি কৰা নিৰ্দেশৰ প্ৰতিলিপিও এই পোষ্টত শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে। যিহেতু সন্দীপ ঘোষ চৰকাৰী কৰ্মচাৰী, সেয়েহে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰৰ অনুমতিৰ প্ৰয়োজন হৈছিল।

মুখ্যমন্ত্ৰী অধিকাৰীয়ে লিখিছে যে ২০২৪ চনৰ ৯ আগষ্টত আৰ জি কৰ হাস্পতালত এগৰাকী চিকিৎসক তথা ছাত্ৰীক নিষ্ঠুৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত তেতিয়াৰ অধ্যক্ষ সন্দীপ ঘোষক আইনী প্ৰক্ৰিয়াৰে গোচৰ চলাবলৈ ইডিক অনুমতি প্ৰদান কৰা হৈছে। তেওঁ অভিযোগ কৰে যে পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি স্থগিত ৰাখিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে বিশ্বাস কৰে যে কোনোৱেই আইনৰ ওপৰত নহয় আৰু সত্যক চিৰদিনৰ বাবে দমন কৰিব নোৱাৰি।

আদেশত উল্লেখ কৰা হৈছে যে ৰাজ্যপাল আৰু যোগ্য কৰ্তৃপক্ষৰ সন্মুখত দাখিল কৰা নথি-পত্ৰ আৰু প্ৰমাণৰ বিশদ পৰীক্ষাৰ অন্তত প্ৰথম দৃষ্টিত দেখা গ’ল যে তেতিয়াৰ অধ্যক্ষ সন্দীপ ঘোষৰ অপৰাধমূলক কাৰ্যকলাপ আৰু কৰ্তব্যৰ অৱহেলা ভাৰতীয় দণ্ডবিধিৰ ১২০বিৰ সৈতে ৪২০ ধাৰা আৰু দুৰ্নীতি নিবাৰক আইন ১৯৮৮ৰ ধাৰা ৭ৰ অধীনত শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হয়।

২০০২ চনৰ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত এটা গোচৰ পঞ্জীয়নৰ যোগ্য বুলিও ধৰা পৰিছে। ইয়াৰ ভিত্তিত সন্দীপ ঘোষৰ লগতে মা তাৰা ট্ৰেডাৰ্ছ, ঈশান কেফে, আৰু খামা লোহাৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগৰ তদন্ত আৰম্ভ কৰা হৈছে। চৰকাৰী আদেশৰ প্ৰতিলিপি ৰাজ্যিক মুখ্য সচিব, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, প্ৰৱৰ্তন সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক, আৰু অন্যান্য সংশ্লিষ্ট বিষয়ালৈও প্ৰেৰণ কৰা হৈছে।

ইফালে শেহতীয়াকৈ পানীহাটীৰ পৰা বিজেপি বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মাতৃয়ে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি ঘটনাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আন ব্যক্তিক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে। এই ঘটনাত কেৱল দোষী সাব্যস্ত হোৱা সঞ্জয় ৰায়েই জড়িত হোৱাই নহয়, আন বহু লোকো জড়িত আছিল বুলি ধাৰাবাহিকভাৱে দাবী কৰি আহিছে ভুক্তভোগীৰ পিতৃ-মাতৃয়ে।

খৰখেদাকৈ মৃতদেহ দাহ কৰি প্ৰমাণ নষ্ট কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ পৰিয়ালটোৰ। এই সন্দৰ্ভত পানীহাটীৰ প্ৰাক্তন বিধায়ক নিৰ্মল ঘোষ, অধ্যক্ষ সোমনাথ দে আৰু চুবুৰীয়া সঞ্জীব মুখোপাধ্যায়ৰ ভূমিকাকো সন্দেহ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande