স্পেইনৰ বৃহৎ বিপৰ্যয়: বিশ্বকাপৰ উদ্বোধনী খেলখনৰ পৰা বাহিৰ লামিন যামাল
নতুন দিল্লী, ১৯ মে’(হি.স.) ফিফা বিশ্বকাপ ২০২৬ আৰম্ভ হোৱাৰ পূর্বে স্পেইনৰ ফুটবল দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ দ্য এথলেটিকত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৫ জুনত কেপ ভাৰ্ডেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনত হামষ্ট্ৰিঙৰ
स्टार युवा फॉरवर्ड लामिन यामाल


নতুন দিল্লী, ১৯ মে’(হি.স.) ফিফা বিশ্বকাপ ২০২৬ আৰম্ভ হোৱাৰ পূর্বে স্পেইনৰ ফুটবল দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ দ্য এথলেটিকত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৫ জুনত কেপ ভাৰ্ডেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনত হামষ্ট্ৰিঙৰ আঘাতৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰিব তাৰকা যুৱ ফৰৱাৰ্ড লমিন যামালে।

প্ৰতিবেদন অনুসৰি যামাল এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই আৰু ২১ জুনত ছৌদি আৰৱৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন গ্ৰুপ মেচত তেওঁৰ অংশগ্ৰহণ সন্দেহৰ আৱৰ্তত আছে।

যোৱা ২২ এপ্ৰিলত চেলটা ভিগোৰ বিৰুদ্ধে এফ চি বাৰ্চিলোনাৰ হৈ খেলি থকাৰ সময়তে ১৮ বছৰীয়া যামালে এই আঘাতৰ সন্মুখীন হৈছিল। পেনাল্টি ৰূপান্তৰিত কৰাৰ সময়ত তেওঁৰ বাওঁ হামষ্ট্ৰিঙত আঘাত পোৱাৰ বাবে ক্লাবৰ ছিজনৰ বাকী সময়ছোৱাৰ বাবে খেলিব নোৱাৰিলে।

ইফালে, বার্চিলোনাৰ মিডফিল্ডাৰ ফার্মিন লোপেজকো আঘাতৰ বাবে প্রায় সমগ্র বিশ্বকাপ খেলপথাৰৰ পৰা বাদ দিয়া হৈছে৷ ৰিয়েল বেটিছৰ বিৰুদ্ধে খেলখনৰ প্ৰথমাৰ্ধত তেওঁৰ সোঁ ভৰিখন ভাঙি যোৱাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব।

১৫ জুনত আমেৰিকাৰ আটলান্টাত কেপ ভাৰ্ডেৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব স্পেইনে। ইয়াৰ পিছত দলটোৱে ২১ জুনত চৌদি আৰব আৰু ২৬ জুনত উৰুগুৱেৰ বিৰুদ্ধে খেলিব। মেক্সিকোৰ গুৱাডালাজাৰাত উৰুগুৱেৰ বিৰুদ্ধে খেলখন অনুষ্ঠিত হ’ব।

শেহতীয়া ফিফা পুৰুষৰ বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানত থকা স্পেইনে অহা সোমবাৰে ঘোষণা কৰিব ২৬ জনীয়া বিশ্বকাপ দল।

মন কৰিবলগীয়া যে স্পেইনৰ ইউৰো ২০২৪ খিতাপত লেমিন যামালে তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। স্পেইনৰ হৈ ২৫খন খেলত ৬টা গ’ল দিছে। ইফালে বাৰ্চিলোনাৰ হৈ তেওঁ এই ছিজনত লা লিগাৰ ২৮খন খেলত ১৬টা গ’ল আৰু সকলো প্ৰতিযোগিতাতে ৪৫খন মেচত ২৪টা গ’ল দিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande