ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ব্ৰাজিলৰ দল ঘোষণা, নেইমাৰৰ প্ৰত্যাৱৰ্তন
ভিনিচিয়াছ জুনিয়ৰকে ধৰি ব্ৰাজিলৰ বিশ্বকাপৰ দল ঘোষণা কাৰ্লো এন্সেল’টিয়ে নতুন দিল্লী, ১৯ মে’ (হি.স.)।ব্ৰাজিলৰ পুৰুষ ফুটবল দলৰ মুখ্য প্ৰশিক্ষক কাৰ্লো এন্সেল’টিয়ে সোমবাৰে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ দল ঘোষণা কৰে। তাৰকা ফুটবলাৰ নেইমাৰ দললৈ ঘূৰি আহিছে,
नेमार का नाम घोषित होते ही प्रशंसक खुशी से झूम उठे


ভিনিচিয়াছ জুনিয়ৰকে ধৰি ব্ৰাজিলৰ বিশ্বকাপৰ দল ঘোষণা কাৰ্লো এন্সেল’টিয়ে

নতুন দিল্লী, ১৯ মে’ (হি.স.)।ব্ৰাজিলৰ পুৰুষ ফুটবল দলৰ মুখ্য প্ৰশিক্ষক কাৰ্লো এন্সেল’টিয়ে সোমবাৰে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ দল ঘোষণা কৰে। তাৰকা ফুটবলাৰ নেইমাৰ দললৈ ঘূৰি আহিছে, ২০২৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলত যোগদান কৰিছে।

উল্লেখ্য যে ৩৪ বছৰীয়া নেইমাৰে নিজৰ কেৰিয়াৰৰ চতুৰ্থটো ফিফা বিশ্বকাপত খেলিব। আন্তঃৰাষ্ট্ৰীয় ফুটবলত তেওঁ ব্ৰাজিলৰ সৰ্বকালৰ আগশাৰীৰ গ’লদাতা, ১২৮খন মেচত ৭৯টা গ’ল দিছে।

ৰিঅ’ ডি জেনেইৰ’ৰ মিউজিয়াম অৱ টুম’ৰ’ত যেতিয়া এন্সেল’টিয়ে নেইমাৰৰ নাম ঘোষণা কৰে, তেতিয়া তাত উপস্থিত থকা সমৰ্থকসকলে তেওঁক উত্তেজনাপূৰ্ণ আদৰণি জনায়।

২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে ব্ৰাজিলক মৰক্কো, হাইটি আৰু স্কটলেণ্ডৰ সৈতে গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। ১৩ জুনত মৰক্কোৰ বিৰুদ্ধে দলটোৱে অভিযান আৰম্ভ কৰিব।

ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ব্ৰাজিল দল

গ'লৰক্ষক:

এলিছন, এডাৰচন, ৱেভাৰটন

ডিফেণ্ডাৰ:

মাৰ্চিনহোছ, গেব্ৰিয়েল মাগালহায়েছ, ব্ৰেমাৰ, লিঅ’ পেৰেইৰা, ডানিলো, ৱেছলি, ডগলাছ ছান্টোছ, এলেক্স চেণ্ড্ৰ’, ইবানেজ

মিডফিল্ডাৰ:

ব্ৰুনো গুইমাৰেছ, কেচেমিৰো, ডানিলো এছ, লুকাছ পাকেটা, ফেবিনহো

ফৰৱাৰ্ড :

ভিনিচিয়াছ জুনিয়ৰ, ৰাফিনহা, গেব্ৰিয়েল মাৰ্টিনেলি, এণ্ড্ৰিক, ইগ'ৰ থিয়াগো, মেথিউছ কুনহা, নেইমাৰ, লুইজ হেনৰিক, ৰায়ন।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande