
২০২৬-২৭ ছিজনৰ পৰা দলটোক নেতৃত্ব দিয়া ছেম হোৱাইটমেনৰ ঠাইত তেওঁৰ দায়িত্বগ্ৰহণ
নতুন দিল্লী, ১৯ মে’ (হি.স.)। অল ৰাউণ্ডাৰ এৰন হাৰ্ডীক পশ্চিম অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ড দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । আগন্তুক ২০২৬-২৭ ছিজনৰ পৰা ছেম হোৱাইটমেনৰ ঠাইত অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিব। বৰ্তমান পশ্চিম অষ্ট্ৰেলিয়াৰ ৰেড বল দলটোৱে পৰিৱৰ্তন অব্যাহত ৰাখিছে।
তিনিবাৰৰ শ্বেফিল্ড শ্বিল্ড চেম্পিয়ন এডাম ভোজেছে পদত্যাগ কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন লেগ স্পিনাৰ বিউ কেছনক শ্বেফিল্ড শ্বিল্ড আৰু ৱান ডে কাপ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে কেছনে দীৰ্ঘদিন ধৰি দলটোৰ বেটিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
এডাম ভোগেছৰ কাৰ্যকালত শ্বেফিল্ড শ্বিল্ডৰ ৩৮খন মেচত পশ্চিম অষ্ট্ৰেলিয়াৰ অধিনায়কত্ব কৰিছিল ছেম হোৱাইটমেনে। তেওঁৰ নেতৃত্বত দলটোৱে ২০২২-২৩ আৰু ২০২৩-২৪ চনত একেৰাহে দুটা খিতাপ দখল কৰে। জন ইনভেৰাৰিটি, গ্ৰেম উড আৰু টম মুডীৰ পিছত তেওঁ পশ্চিম অষ্ট্ৰেলিয়াক এটাতকৈ অধিক শ্বিল্ড খিতাপ দখল কৰা চতুৰ্থজন অধিনায়ক হিচাপে পৰিগণিত হয়।
অৱশ্যে ইংৰাজী কাউন্টি দল ইয়ৰ্কশ্বাৰৰ সৈতে দীৰ্ঘম্যাদী চুক্তিত স্বাক্ষৰ কৰিছে হোৱাইটমেনে আৰু দ্বৈত নাগৰিকত্বৰ বাবে এতিয়া তেওঁ পশ্চিম অষ্ট্ৰেলিয়াৰ হৈ বহিঃৰাজ্যৰ খেলুৱৈ হিচাপে খেলিব। এই কাৰণেই দল পৰিচালনাই নতুন নেতৃত্ব ব্যৱস্থা ৰূপায়ণৰ সিদ্ধান্ত লয়।
২৭ বছৰীয়া এৰন হাৰ্ডিক দীৰ্ঘদিন ধৰি ভৱিষ্যতৰ অধিনায়ক হিচাপে গণ্য কৰা হৈছিল। ২০২৩ চনত নিউজিলেণ্ড এৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া এৰ অধিনায়ক হিচাপে কাম কৰাৰ লগতে ২০২৫ চনত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধেও দলটোৰ নেতৃত্ব দিছিল।২০২৩-২৪ চনৰ বিগ বেছ লীগত এষ্টন টাৰ্নাৰৰ অনুপস্থিতিত পাৰ্থ স্কোৰ্চাৰ্ছৰ অধিনায়কত্বও কৰিছিল।
অধিনায়ক নিযুক্তি পোৱাৰ লগে লগে হাৰ্ডিয়ে পশ্চিম অষ্ট্ৰেলিয়াই প্ৰকাশ কৰা এক বিবৃতিত কয় যে, পশ্চিম অষ্ট্ৰেলিয়া শ্বেফিল্ড শ্বিল্ড দলৰ অধিনায়ক নিযুক্তি পোৱাটো এক প্ৰচণ্ড সন্মান। এই দলটোৱে মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ। আমাৰ এটা কল্পনাতীত সংস্কৃতি আৰু খেলুৱৈৰ এটা ডাঙৰ দল আছে। নতুন ছিজনত বিউ কেছন আৰু সমগ্ৰ দলটোৰ সৈতে কাম কৰিবলৈ পাই মই উৎসাহিত হৈছো।
তেওঁ লগতে কয়, যোৱা কেইবছৰমানৰ পৰা মই দলৰ নেতা আৰু খেলুৱৈৰ পৰা বহু কথা শিকিছো। এতিয়া, মই নিজৰ শৈলীত নেতৃত্ব দিব বিচাৰো আৰু এনে এক পৰিৱেশ সৃষ্টি কৰিব বিচাৰো য'ত সমগ্ৰ দলটোৱে অনুকূল প্ৰদৰ্শন কৰিব পাৰে।
মুখ্য প্ৰশিক্ষক বিউ কেছনেও হাৰ্ডিৰ অধিনায়কত্বৰ ওপৰত আস্থা প্ৰকাশ কৰে। তেওঁ কয়, এৰন হাৰ্ডি দলৰ ভিতৰত এজন অতি সন্মানীয় খেলুৱৈ। তেওঁৰ প্ৰস্তুতি, হেঁচাত শান্ত হৈ থকাৰ ক্ষমতা আৰু সতীৰ্থৰ প্ৰতি তেওঁৰ মনোভাৱে তেওঁক এজন উৎকৃষ্ট অধিনায়ক কৰি তুলিছে।
কেছনে ছেম হোৱাইটমেনৰ অধিনায়কত্বকো প্ৰশংসা কৰি কয় যে তেওঁৰ ভূমিকা দলটোৰ বাবে গুৰুত্বপূৰ্ণ হৈ থাকিব।
মন কৰিবলগীয়া যে হাৰ্ডি অষ্ট্ৰেলিয়াৰ হোৱাইট বল দলৰ ঘনিষ্ঠ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিৰ বাবে শ্বেফিল্ড শ্বিল্ডৰ কিছুমান মেচত অংশ ল’ব নোৱাৰিব পাৰে। পাকিস্তান ছুপাৰ লীগত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত জুন মাহত বাংলাদেশ ভ্ৰমণৰ বাবে অষ্ট্ৰেলিয়াৰ টি-২০ দলতো অন্তৰ্ভুক্ত কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া