


শোণিতপুৰ ,১৯ মে' (হি.স.)। নিৰ্বাচনৰ পিছতেই অসাধু ব্যৱসায়ী চক্ৰই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি যিকোনো সা -সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ পিছত ৰাজ্যখনত হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী গৰাকীয়ে তৎপৰতা গ্ৰহণ কৰাৰ পিছত এই অসাধু ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে এতিয়া সস্তম হৈ পৰিছে ৰাজ্য চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ ।
উল্লেখ্য যে ৰাজ্য চৰকাৰে বজাৰৰ সকলো সামগ্ৰীৰ উচিত মূল্য নিৰ্ধাৰণৰ বাবে ইতিপূৰ্বে খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ,উপ সঞ্চালক ,জিলা আৰক্ষী বিভাগ ,জিলা কৃষি বিভাগ ,পশুপালন বিভাগ ,মীন বিভাগৰ লগতে পৰিবহন বিভাগৰ বিষয়াক লৈ গঠন কৰা টাক্স ফৰ্চৰ দলে মাজে মাজে অভিযান চলাই আহিছিল ।কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্বসাধাৰণ ৰাইজ অত্যধিক মূল্য বৃদ্ধিত জুৰুলা হোৱাৰ অভিযোগ সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হোৱাৰ পিছত এই সন্দৰ্ভত সকলো জিলাৰ জিলা আয়ুক্তলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰে ।
উল্লেখ্য যে এই নিৰ্দেশনাৰ পিছতেই আজি শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত গৰাকীৰ নিৰ্দেশনাত টাক্স ফৰ্চৰ দলে তেজপুৰ বহুকেইখন গ্ৰচাৰী হল চেল দোকানৰ লগতে আলু পিয়াজৰ হলচেলৰ দোকান ,ফলমূলৰ হলচেলৰ দোকান ,শাক পাচলিৰ হলচেলৰ দোকানত অভিযান চলাই সামগ্ৰী সমূহৰ মূল্যৰ ওপৰত অৱগত হৈ খুচুৰা দোকান সমূহতো এফালৰ পৰা অভিযান চলাই সকলো সামগ্ৰীৰ মূল্য পৰ্যবেক্ষণ কৰে ।উল্লেখ্য যে টাক্স ফৰ্চৰ সৈতে জড়িত আটাইকেইটা বিভাগৰ বিষয়াৰ লগতে মূলতঃ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক ক্ৰমে ডলী বৰা ,জয়নাল আবেদিন ,প্ৰাণজিৎ শৰ্মা ,উপ পৰিদৰ্শক দেৱাশিস সাহা ,চিত্ৰবন হাজৰিকা আদিয়ে সা-সামগ্ৰী সমূহৰ মূল্য নিৰূপণৰ দিশটো পৰ্যবেক্ষণ কৰি চাইনবৰ্ড লগোৱাৰ নিৰ্দেশনাৰ লগতে কোনো কাৰণতে যাতে হলচেলৰ মূল্য অনুসৰি অধিক মূল্য খুচুৰা বিক্ৰেতা ল'ব নোৱাৰে তাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি ব্যৱসায়ী সকলক সতৰ্ক কৰি দিয়ে ।
আনহাতে কোনো অসাধু ব্যৱসায়ীয়ে যদি অধিক হাৰত দাম লোৱাৰ তথ্য লাভ কৰে তাৎক্ষণিকভাৱে অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি টাক্স ফৰ্চৰ দলটোৱে ব্যৱসায়ী সকলক সতৰ্ক কৰি দিয়াৰ লগতে এই অভিযান এতিয়াৰ পৰা প্ৰতিদিনে অব্যাহত থাকিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।উল্লেখ্য যে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জিলাখনৰ সকলো প্ৰান্ততে টাক্স ফৰ্চৰ এই অভিযান এতিয়াৰ পৰা অব্যাহত থাকিব বুলি মন্তব্য কৰি অনাহক মূল্য বৃদ্ধিৰ তথ্য লাভ কৰিলেই তাৎক্ষণিকভাৱে সেই সমূহ প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি জানিবলৈ দিয়ে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ