পুৰীৰ ভগৱান জগন্নাথ মন্দিৰ দৰ্শন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ
ভুৱনেশ্বৰ, ১৯ মে’ (হি.স.)। পূৱ আঞ্চলিক কৃষি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ওড়িশাত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে মঙলবাৰে পুৰীৰ ভগৱান জগন্নাথ মন্দিৰ দৰ্শন কৰে। তেওঁৰ পত্নীও তেওঁৰ লগত গৈছিল। ভগৱানৰ দৰ্শনৰ পিছত তেওঁ ক''লে, প্ৰভু জগ
शिवराज सिंह चौहान ने पुरी में महाप्रभु श्री जगन्नाथ जी के दर्शन किए


ভুৱনেশ্বৰ, ১৯ মে’ (হি.স.)। পূৱ আঞ্চলিক কৃষি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ওড়িশাত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে মঙলবাৰে পুৰীৰ ভগৱান জগন্নাথ মন্দিৰ দৰ্শন কৰে। তেওঁৰ পত্নীও তেওঁৰ লগত গৈছিল।

ভগৱানৰ দৰ্শনৰ পিছত তেওঁ ক'লে, প্ৰভু জগন্নাথৰ আশীৰ্বাদ সকলোৰে ওপৰত বৰষা কৰি যাওক, প্ৰতিটো ঘৰ ধন-সম্পত্তি আৰু সমৃদ্ধিৰে ভৰি থাকক, আৰু সকলোৰে জীৱন অপৰিসীম সুখ, সমৃদ্ধি, আনন্দৰে পৰিপূৰ্ণ হওক। এয়া মোৰ প্ৰাৰ্থনা।

সকলোৰে সুখ, সমৃদ্ধি, স্বাস্থ্য, মংগলৰ কামনা ব্যক্ত কৰে। বিশ্বত চলি থকা সংঘাতৰ অন্ত পৰাৰ বাবেও তেওঁ প্ৰাৰ্থনা কৰে। তেওঁ লগতে জনায় যে ওড়িশা, ছত্তীশগড়, বিহাৰ, ঝাৰখণ্ড, আৰু পশ্চিম বংগক লৈ এখন আঞ্চলিক কৃষি সন্মিলনৰ আয়োজন কৰা হৈছে, য’ত খাদ্য সুৰক্ষা, কৃষকৰ আয়, আৰু জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বিষয়ে আলোচনা কৰা হ’ব। ইয়াৰ উপৰিও দালি আৰু তৈলবীজ উৎপাদনক প্ৰসাৰিত কৰাৰ লগতে সংহত কৃষি ব্যৱস্থাৰ জৰিয়তে ক্ষুদ্ৰ কৃষকৰ বাবে কৃষি অধিক লাভজনক কৰি তোলাৰ ওপৰতো চৰ্চা কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande