মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কেইবাজনো পিএলএ, ইউএনএলএফ, কেৱাইকেএল উগ্ৰপন্থী
ইম্ফল, ১৯ মে’ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু কেন্দ্ৰীয় সংস্থাসমূহে বিদ্ৰোহ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে, বিগত ২৪ ঘন্টাত ভাৰত-ম্যানমাৰ সীমান্তৰ বিভিন্ন জিলাৰ পৰা নিষিদ্ধ সংগঠন পিএলএ, ইউএনএলএফ, কেৱাইকেএলৰ অন্তৰ্গত কেইবাজনো সক্ৰিয় উগ্ৰপন্
Images of the Five Arrested Militants Linked to PLA, KYKL and UNLF Near India-Myanmar border in Manipur.


ইম্ফল, ১৯ মে’ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু কেন্দ্ৰীয় সংস্থাসমূহে বিদ্ৰোহ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে, বিগত ২৪ ঘন্টাত ভাৰত-ম্যানমাৰ সীমান্তৰ বিভিন্ন জিলাৰ পৰা নিষিদ্ধ সংগঠন পিএলএ, ইউএনএলএফ, কেৱাইকেএলৰ অন্তৰ্গত কেইবাজনো সক্ৰিয় উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।

মঙলবাৰে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, টেঙনৌপাল জিলাৰ মৰেহ থানা এলেকাত বি পি (সীমা স্তম্ভ)-৭৭ আৰু বি পি-৭৯ৰ মাজত চলোৱা অভিযানৰ সময়ত কেন্দ্ৰীয় বাহিনীয়ে তিনিজন সক্ৰিয় পিএলএ কেডাৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী থৌবাল জিলাৰ চৰাংপাটৰ বাসিন্দা ৱাংথোই নাহকপাম ওৰফে লিংগেল (২০), ইম্ফল পূৱ জিলাৰ কংবাৰ বাসিন্দা নানাওবা নন্দেইবাম ওৰফে মণিথোইবা (১৯) আৰু বিষ্ণুপুৰ জিলাৰ নামবোলৰ বাসিন্দা মালেম অইনাম ওৰফে মণিথোইবা (২০) বুলি জানিব পৰা গৈছে।

আৰ পি এফ/পি এল এৰ সক্ৰিয় সদস্য চিংলেন আথোকপাম ওৰফে ইবুংগো (৩০)কো গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে। ইম্ফল পূৱ জিলাৰ লামলাই থানা এলেকাৰ পুংডংবাম মায়াই লেইকাইৰ বাসিন্দা। আন এক অভিযানত থৌবাল জিলাৰ য়াইৰিপক থানা এলেকাৰ অন্তৰ্গত য়াইৰিপক বজাৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ইউএনএলএফ (কয়ৰেং)ৰ সক্ৰিয় উগ্ৰপন্থী থাংজাম ধমেন্দ্ৰ সিং ওৰফে ৱায়েনবা ওৰফে ভল (২৬)ক গ্ৰেপ্তাৰ কৰে। তেওঁ অবৈধ অস্ত্ৰ আৰু গোলাবাৰুদ সৰবৰাহৰ লগত জড়িত বুলি জানিব পৰা গৈছে। তেওঁৰ হাতত এটা ৯ মিমি মেগজিন, দুটা চিম কাৰ্ড থকা এটা মোবাইল ফোন, এটা পাৱাৰ বেংক আৰু ইউএছবি কেবল, আৰু এখন এটিএম কাৰ্ড উদ্ধাৰ কৰা হৈছে।

তদুপৰি ইম্ফল পশ্চিম জিলাৰ লেমফেল থানা এলেকাৰ বিভিন্ন স্থানৰ পৰা দুজন সক্ৰিয় কেৱাইকেএল কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। ধৃত উগ্ৰপন্থীৰ ভিতৰত ইৰাম ছিফাই মামাং লেইকাইৰ নিবাসী সোৰোখাইবাম প্ৰিয়াচান্দ সিং ওৰফে সাজাও (৩৯) আৰু উৰিপক তাখেল্লামবাম লেইকাইৰ নিবাসী মইৰাংথেম নাওবি সিং (৪৭)। ৰিমছৰ সমীপত প্ৰিয়াচান্দ সিঙক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নাওবি সিঙক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ পৰা দুটা মোবাইল ফোন আৰু এখন আধাৰ কাৰ্ডো উদ্ধাৰ কৰে।-

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande