সোণতলীত চোৰৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গৃহস্থৰ
সোণতলীত চোৰৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গৃহস্থৰ।
সোণতলীত চোৰৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গৃহস্থৰ


কামৰূপ, ১৯ মে’ (হি.স.): কামৰূপ জিলাৰ সোণতলীত চোৰৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গৃহস্থ লোকসকলৰ । নিতৌ ন ন কৌশলেৰে সংঘটিত কৰি আছে চুৰি কাৰ্য । মুল্যবান নথিপত্ৰ, নগদ ধন সোণৰ গহণা, মোবাইল ফোন সহ প্ৰায় ডেৰ লাখ টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে । একাংশ ড্ৰাগছ আসক্ত যুৱকে এনেদৰে সঘনাই চুৰি কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত সঘনাই সংঘটিত হোৱা চুৰি কাণ্ডৰ ঘটনাই গৃহস্থৰ নিন্দ্ৰা হৰণৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিতৌ ন ন কৌশলেৰে সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা। চোৰৰ হেন দৃষ্টিৰ পৰা বিদ্যালয় গৃহও সাৰি যাব পৰা নাই। তেনে অৱস্থাত যোৱা নিশা সোণতলী সত্ৰ গাঁৱৰ ফজৰ আলীৰ ঘৰত বেৰ কাটি চুৰি চলালে চাফাই অভিযান। বৰষুণৰ সুযোগ লৈ ফজৰ আলীৰ পুত্ৰৰ ছফিকুল ইছলামৰ কোঠাত বেৰ কাটি ঘৰৰ ভিতৰৰ পৰা মেজ্ বাহিৰত উলিয়াই আনি তলা ভাঙি মুল্যবান নথিপত্ৰ, নগদ ধন নগদ ৬৬ হাজাৰ টকা, সোণৰ গহনা, মোবাইল ফোন সহ প্ৰায় ডেৰ লাখ টকাৰ চুৰি কৰি লৈ যায়।

আজি ৰাতিপুৱা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি মুৰে কপালে হাত দিবলগীয়া হৈছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। এনেদৰে সঘনাই সংঘটিত হোৱা চুৰি কাৰ্য একাংশ ড্ৰাগছ আসক্ত যুৱকে সংঘটিত কৰি আছে বুলি বহুতে ধাৰণা কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande