শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ
চালকক গ্ৰেপ্তাৰ।
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ


কোকৰাঝাৰ, ১৯ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা শিমুলটাপু আৰক্ষী চকীৰ নাকাত আৰক্ষীয়ে তালাচী চলাই বিদেশী চিগাৰেট সহ এখন ট্ৰাক জব্দ কৰে। শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীয়ে যোৱা কালি সোমবাৰে নিশা ১০ মান বজাত সন্দেহৰ ভিত্তিত ইউ পি ২১ এফ টি ৮৮২৫ নম্বৰৰ বাঁহ বোজাই কন্টেইনাৰ ট্ৰাকখন ৰখাই চালকক জেৰা কৰাত চালকে কন্টেইনাৰত বিদেশী চিগাৰেট আছে বুলি স্বীকাৰ কৰে।

কন্টেইনাৰখনত তালাচী চলাই হুডত বনোৱা গোপন চেম্বাৰত লুকুৱাই অনা ৪২টা বস্তাত থকা ২১০০ পেকেট বিদেশী চিগাৰেট আৰু কন্টেইনাৰখন জব্দ কৰাৰ লগতে চালক মোস্থাফাবাদ আহমেদক (৩৫) আটক কৰে। গাড়ীখন গুৱাহাটীৰ পৰা বাঁহ ভৰ্তি কৰি উত্তৰাখণ্ডলৈ গৈ আছিল বুলি চালক আহমেদে আৰক্ষীৰ আগত স্বীকাৰ কৰে। চালকজন উত্তৰ প্ৰদেশৰ ৰামপুৰৰ বাসিন্দা । শ্ৰীৰামপুৰত দিনে নিশাই সষ্টম থকা আৰক্ষীৰ তালাচীত আজি অবৈধ কোৰিয়ান চিগাৰেট সহ ট্ৰাক খন আটক কৰিবলৈ সক্ষম হয় । জব্দকৃত বিদেশী চিগাৰেটৰ বজাৰ মূল্য পঞ্চাশ লক্ষাধিক টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande