খুমটাইৰ মেলামৰা চাৰিআলিত অঘটন
খুমটাইৰ মেলামৰা চাৰিআলিত অঘটন ।
খুমটাইৰ মেলামৰা চাৰিআলিত অঘটন


গোলাঘাট, ১৯ মে’ (হি.স.): গোলাঘাট জিলাৰ খুমটাইৰ মেলামৰা চাৰিআলিত যোৱা কালি সন্ধিয়া এক অঘটন সংঘটিত হয় । এজোপা প্ৰকাণ্ড গছ ভাগি পৰি এখন পালচাৰ বাইক চেপেটা হৈ পৰাৰ লগতে এখন দোকানৰ বিস্তৰ ক্ষতি সাধন হয় । চিগি পৰিল ১১০০ ভ'ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ । এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে বাইক আৰোহী এজন দোকানী, মহিলাসহ দুগৰাকী শিশুৰ ।

ঘটনা অনুসৰি মেলামৰা চাৰিআলিৰ মেলামৰা মহাবিদ্যালয়ৰ সন্মুখৰ এজোপা বহু পুৰণি বৰগছৰ এটা প্ৰকাণ্ড অংশ নেৰানেপেৰা বৰষুণ আৰু বতাহৰ বাবে হঠাৎ খহি পৰি ঘটনাটো সংঘটিত হয় । গছজোপা পৰি মেলামৰা চাৰিআলিৰ পৰা পতীয়া পথাৰ সংযোগী পথটো সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে । অৱশ্য়ে প্ৰশাসনে পিছত গছজোপা আঁতৰাই পথটো মুকলি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande