গোৱালপাৰা জিলাৰ কৃষ্ণাইত অঘটন, ক্ৰেন গাড়ীৰ চেপাত চূৰ্ণ-বিচূৰ্ণ স্কুটী
গোৱালপাৰা, ১৯ মে (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইত অঘটন ৷ ক্ৰেন গাড়ীৰ চেপাত চূৰ্ণ-বিচূৰ্ণ স্কুটী ৷ ঘটনাক কেন্দ্ৰ কৰি কৃষ্ণাইত উত্তেজনা ৷ কৃষ্ণাইত নিৰ্মিত ফ্লাই অভাৰ ব্ৰীজৰ তলত ক্ৰেন গাড়ীখন ষ্টাৰ্ট বন্ধ নকৰাকৈ চালক জনে নামি যোৱাত হঠাৎ ক্ৰেন
গোৱালপাৰা জিলাৰ কৃষ্ণাইত অঘটন, ক্ৰেন গাড়ীৰ চেপাত চূৰ্ণ-বিচূৰ্ণ স্কুটী


গোৱালপাৰা, ১৯ মে (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইত অঘটন ৷ ক্ৰেন গাড়ীৰ চেপাত চূৰ্ণ-বিচূৰ্ণ স্কুটী ৷ ঘটনাক কেন্দ্ৰ কৰি কৃষ্ণাইত উত্তেজনা ৷

কৃষ্ণাইত নিৰ্মিত ফ্লাই অভাৰ ব্ৰীজৰ তলত ক্ৰেন গাড়ীখন ষ্টাৰ্ট বন্ধ নকৰাকৈ চালক জনে নামি যোৱাত হঠাৎ ক্ৰেন খন পিছুৱাই যায় আৰু দোকানৰ কাষত ৰখাই থকা এ এছ ১৮ এল ৩১০৬ নম্বৰৰ স্কুটীত খুন্দা মাৰি ক্ৰেনৰ তলত চেপা খাই চূৰ্ণ-বিচূৰ্ণ হয় ৷

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাত ক্ৰেন গাড়ী আৰু দুৰ্ঘটনাগ্ৰন্ত স্কুটীখন থানাক লৈ যায় ৷

চাৰিলেন যুক্ত পথ নিৰ্মাণকাৰীৰ কৰ্মচাৰী, শ্ৰমিক সকলৰ মইমতালি আৰু গাফিগতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে ৷ গতিকে চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণৰ প্ৰদানৰ দাবী জনায় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande