ভিয়েটনাম ভ্ৰমণৰ প্ৰথম দিনটোত দ্বিপাক্ষিক আলোচনাত ৰাজনাথৰ প্ৰতিৰক্ষা অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ
- ভিয়েটনামৰ বায়ুসেনা বিষয়া মহাবিদ্যালয়ত ভাৰ্চুৱেলি উদ্বোধন কৰে ''ভাষা লেব'' নতুন দিল্লী, ১৯ মে’ (হি.স.)। এছিয়া ভ্ৰমণলৈ যোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভিয়েটনামৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ফান ভান গিয়াঙৰ সৈতে তেওঁৰ
रक्षा मंत्री राजनाथ सिंह हनोई में द्विपक्षीय वार्ता करते हुए


- ভিয়েটনামৰ বায়ুসেনা বিষয়া মহাবিদ্যালয়ত ভাৰ্চুৱেলি উদ্বোধন কৰে 'ভাষা লেব'

নতুন দিল্লী, ১৯ মে’ (হি.স.)। এছিয়া ভ্ৰমণলৈ যোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভিয়েটনামৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ফান ভান গিয়াঙৰ সৈতে তেওঁৰ ভ্ৰমণৰ প্ৰথম দিনাই হানয়ত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিতিশীলতা, নিৰাপত্তা, সুৰক্ষা, আৰু যাতায়তৰ স্বাধীনতা বজাই ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। মন্ত্ৰী দুগৰাকীয়ে ভিয়েটনামৰ বায়ুসেনা বিষয়া মহাবিদ্যালয়ত ভাৰ্চুৱেলি ‘ভাষা লেব’ উদ্বোধন কৰে। ভাৰত আৰু ভিয়েটনামে এআই আৰু কোৱাণ্টাম প্ৰযুক্তিৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰে। এনহা ট্ৰাঙৰ টেলিকমিউনিকেশ্যন বিশ্ববিদ্যালয়ত এ আই লেবৰেটৰী স্থাপনৰ কথা ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৮ মে’ৰ পৰা ১৯ মে’লৈ ভিয়েটনাম ভ্ৰমণ কৰাৰ পিছত ১৯ মে’ৰ পৰা ২১ মে’লৈ দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব।মঙলবাৰে হানয়ত ভিয়েটনামৰ উপ প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ফান ভান গিয়াঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োখন মন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা অংশীদাৰিত্বৰ পৰ্যালোচনা কৰি সামুদ্ৰিক সুৰক্ষা, প্ৰতিৰক্ষা উদ্যোগ, প্ৰশিক্ষণ, আৰু আঞ্চলিক স্থিতিশীলতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্ব নিৰাপত্তাৰ বিকাশৰ ওপৰত মত বিনিময় কৰে।

সামৰিক প্ৰশিক্ষণ, প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতা, সামুদ্ৰিক সুৰক্ষা, সামৰ্থ্য বিকাশ, ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা, চাইবাৰ সুৰক্ষা, উচ্চ পৰ্যায়ৰ বিনিময়কে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে। নিয়মীয়া আলোচনা, যৌথ অনুশীলন, বিনিময় কাৰ্যসূচীৰ জৰিয়তে দুয়োখন দেশৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবেও সন্মতি প্ৰকাশ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিতিশীলতা, নিৰাপত্তা, সুৰক্ষা, আৰু যাতায়তৰ স্বাধীনতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভিয়েটনামৰ সৈতে ভাৰতৰ বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ লগতে ভিয়েটনামৰ প্ৰতিৰক্ষা আধুনিকীকৰণ আৰু সামৰ্থ্য বৃদ্ধিৰ পদক্ষেপক সমৰ্থন কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ উল্লেখ কৰে।

জেনেৰেল ফান ভ্যান গিয়াঙে ভাৰতৰ অবিৰত সমৰ্থনৰ শলাগ লৈ দুয়োখন দেশৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু ক্ৰমবৰ্ধমান কৌশলগত অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে ভিয়েটনামৰ বায়ুসেনা বিষয়া মহাবিদ্যালয়ত ভাষা লেবৰ ভাৰ্চুৱেল উদ্বোধন কৰে। এই লেবটো ভাৰতৰ সহায়ত স্থাপন কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ন্হা ট্ৰাঙৰ টেলিকমিউনিকেচন বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা লেব স্থাপনৰ কথাও ঘোষণা কৰে। ভাৰতৰ মিলিটাৰী কলেজ অৱ টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং আৰু ভিয়েটনামৰ টেলিকমিউনিকেচন ইউনিভাৰ্চিটিয়েও কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ ক্ষেত্ৰত এক চুক্তি স্বাক্ষৰ কৰি দুয়োখন দেশৰ মাজত বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায় চিহ্নিত কৰে।

দ্বিপাক্ষিক বৈঠকৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভিয়েটনামৰ সচিব প্ৰধান আৰু ৰাষ্ট্ৰপতি ট’লামৰ সৈতে কথা পাতিছিল। তেওঁ প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, সামুদ্ৰিক সহযোগিতা, সংযোগ, ডিজিটেল ৰূপান্তৰ, আৰু জনসাধাৰণৰ আদান-প্ৰদানকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা আৰু অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু ভিয়েটনামৰ মাজত শক্তিশালী আৰু চিৰস্থায়ী বন্ধুত্বক পুনৰ দৃঢ় কৰে। তেওঁলোকে ভাৰত-ভিয়েটনাম সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অবিৰত বৃদ্ধিত সন্তুষ্টি প্ৰকাশ কৰে। ভাৰত ভ্ৰমণৰ উষ্ম স্মৰণ কৰি ভিয়েটনাম ৰাষ্ট্ৰপতিগৰাকীয়ে আগন্তুক বছৰবোৰত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি আস্থা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande