
নগাঁও, ১৯ মে (হি.স.)। ৰহাত পথ সুৰক্ষা সম্পৰ্কত সজাগতা সভা৷ নগাঁও জিলা পথ সুৰক্ষা সমিতি আৰু নগাঁও জিলা পৰিবহন বিভাগৰ উদ্যোগত মংগলবাৰে ৰহা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই সজাগতা সভা৷
সভাত অংশগ্ৰহণ কৰি ৰহা সমজিলা আয়ুক্ত অংকিতা বৰা, ৰহা ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ দত্ত, নগাঁও জিলা পৰিবহন বিষয়া সীমান্ত বৰা, ৰহা মহাবিদ্যালয়ৰ উপাধ্যক্ষ মৃণাল শৰ্মা, ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ নাথ, লোকনিৰ্মাণ বিভাগৰ(পথ) কাৰ্যবাহী অভিযন্তা ৰৌফ আব্দুল, জিলা এনফ’ৰ্ছমেণ্ট বিষয়া প্ৰহ্লাদ হাজৰিকা প্ৰমুখ্যে বিষয়াসকলে পথ সুৰক্ষা তথা দুৰ্ঘটনা ৰোধৰ বাবে নাগৰিকে পালন কৰিবলগীয়া আইন কানুনৰ সম্পৰ্কত বিষদ ব্যাখ্যা আগবঢ়ায়৷ লগতে দুৰ্ঘটনা ৰোধৰ বাবে সকলোকে সচেতন হ’বলৈও আহ্বান জনায়৷ সজাগতা সভাখনত গাঁওপ্ৰধানসকলৰ লগতে সচেতন নাগৰিকসকল উপস্থিত থাকে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা