
বিশ্বনাথ, ১৯ মে’ (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ হেলেম মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন বলেৰ আৰু এখন মটৰ চাইকেলৰ মাজত সংঘৰ্ষৰ ফলতে ঘটে এই দুৰ্ঘটনা । দুই মটৰ চাইকেল আৰোহী গুৰুত্বৰ ভাৱে আহত হয় । সংকটজনক অৱস্থাত দুয়োকে গহপুৰৰ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ স্থানান্তৰ কৰা হয়।
আহত দুজনৰ এজন গহপুৰৰ ব্ৰহ্মাজান চাহ বাগিছাৰ গণেশ কাইয়া আৰু মহিলা গৰাকী চেঙেলীজানৰ ৰীণা তপ্ন বুলি জানিব পৰা গৈছে। মিছামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নম্বৰ প্লেট বিহীন বলেৰ বাহনে এএছ ৩২ ডি ৯৫৭১ নম্বৰৰ মটৰ চাইকেলক তীব্ৰ গতিৰে খুন্দা মৰাৰ ফলত দুই বাইক আৰোহী বহু দুৰলৈ চিটিকি পৰে । দুৰ্ঘটনাত বলেৰ বাহন খনৰ এটা চকা ফুটি যায় ৷ বলেৰ বাহনখন পলাই যাবলৈ চেষ্টা কৰে যদিও টকৌবাৰীৰ গানুগাঁৱত স্থানীয় ৰাইজে খেদি খেদি খেদি ধৰিবলৈ সক্ষম হয় । ইতিমধ্যে হেলেম আৰক্ষীয়ে চালকক আটক কৰাৰ লগতে গাড়ী খন জব্দ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ