ৰঙিয়াৰ সমীপৰ বীৰদত্ত হাইস্কুলত নিশা চুৰি কাণ্ড
: স্কুলৰ তলা ভাঙি সংঘটিত কৰিলে চুৰি কাৰ্য ''কামৰূপ, ১৯ মে’ (হি.স.)। যোৱা নিশা ৰঙিয়া সমীপৱৰ্তী তিতকুৰি গাঁৱত অৱস্থিত বীৰদত্ত হাইস্কুলত এক চুৰি কাৰ্য সংঘটিত হয় । নিশা স্কুলত কোনো নথকাৰ সুযোগ লৈ চোৰৰ এটি দলে স্কুলৰ অফিচ ৰূমৰ তলা ভাঙি চাৰিখন চিলিং
ৰঙিয়াৰ সমীপৰ বীৰদত্ত হাইস্কুলত নিশা চুৰি কাণ্ড


: স্কুলৰ তলা ভাঙি সংঘটিত কৰিলে চুৰি কাৰ্য

'কামৰূপ, ১৯ মে’ (হি.স.)। যোৱা নিশা ৰঙিয়া সমীপৱৰ্তী তিতকুৰি গাঁৱত অৱস্থিত বীৰদত্ত হাইস্কুলত এক চুৰি কাৰ্য সংঘটিত হয় । নিশা স্কুলত কোনো নথকাৰ সুযোগ লৈ চোৰৰ এটি দলে স্কুলৰ অফিচ ৰূমৰ তলা ভাঙি চাৰিখন চিলিং ফেন চুৰি কৰে । আনহাতে এই চোৰৰ দলটোৱে লাইব্ৰেৰী ৰূম, কম্পিউটাৰ থকা ৰূম আৰু ডাঙৰ এল চিডি থকা ৰূমৰ তলা ভাঙিবলৈ বহুত চেষ্টা কৰিছিল যদিও সফল নহল । পিছত চোৰৰ দলটোৱে স্কুলৰ পানীৰ মটৰতো দমকলৰ কানেকশ্বনৰ পৰা খুলি কিছু দুৰ নিছিল যদিও আধা বাটতে পেলায় থৈ যায়।

ইফালে ৰাতিপুৱা স্কুলত শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ ছাত্ৰী স্কুলত আহি পোৱাত হে এই চুৰি কাৰ্যৰ সম্ভেদ পায়। পিছত স্কুলৰ প্ৰধান শিক্ষক বাসৱ শৰ্মাই ঘটনা সন্দৰ্ভত ৰঙিয়া থানাক অৱগত কৰাত ঘটনাস্থলীত ৰঙিয়া আৰক্ষীৰ দল এটি উপস্থিত হৈ চুৰি কাৰ্যৰ তদন্ত কৰি অনুসন্ধান আৰম্ভ কৰে । ইতিমধ্যে বীৰদত্ত হাইস্কুলত ইয়াৰ পূৰ্বেও তিনিবাৰ চুৰি কাৰ্য সংঘটিত হৈছে। স্কুলৰ ১১ টা কম্পিউটাৰ, দমকল, পানীৰ মটৰ, ফেন আদিকে ধৰি বহু বিভিন্ন মূল্যবান সা-সামগ্ৰী চুৰি হৈছে যদিও এতিয়ালৈকে ৰঙিয়া আৰক্ষীয়ে একো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

এনেদৰে সঘনাই বীৰদত্ত হাইস্কুলত চুৰি হৈ থকা কাৰ্যৰ বিৰুদ্ধে আজি স্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী সকলে তিতকুৰিত ৰাজ পথত এক প্ৰতিবাদী সমদল উলিয়ায় । শীঘ্ৰে চোৰক কৰায়ত্ত কৰক, স্কুলত চোৰৰ অত্যাচাৰ বন্ধ কৰক, ৰঙিয়া আৰক্ষী হায় হায় আদি ধ্বনিৰে তিতকুৰিৰ আকাশ বতাহ কঁপাই তোলে। অতি কমদিনৰ ভিতৰতে ৰঙিয়া আৰক্ষীয়ে চোৰক আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে বীৰদত্ত ছাত্ৰ ছাত্ৰী সকলে অন্যথা আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো কথা উল্লেখ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande