
নতুন দিল্লী, ১৯ মে’ (হি.স.)। ৰাজ্যসভাৰ সাংসদ মেধা কুলকাৰ্ণীক এক উল্লেখযোগ্য দায়িত্ব দিয়া হৈছে। মেধা কুলকাৰ্ণীক বিজ্ঞান আৰু প্ৰযুক্তি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ সংসদীয় বিভাগীয় স্থায়ী সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
১৯ মে’ত ৰাজ্যসভা সচিবালয়ে জাৰি কৰা আনুষ্ঠানিক পত্ৰ অনুসৰি ৰাজ্যসভাৰ অধ্যক্ষই তেওঁক নিযুক্তিৰ বাবে অনুমোদন জনাইছে। এই নিযুক্তি ২০২৬ চনৰ ১৮ মে’ৰ পৰা কাৰ্যকৰী হ’ব।
এই সমিতিখনে বিজ্ঞান আৰু প্ৰযুক্তি, পৰিৱেশ সুৰক্ষা, বনাঞ্চল, জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত আইন, নীতি আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহ পৰ্যালোচনা কৰে।
মেধা কুলকাৰ্ণীয়ে কয় যে এই দায়িত্বই তেওঁক বৈজ্ঞানিক উন্নয়ন, পৰিৱেশ সুৰক্ষা, আৰু দেশে সন্মুখীন হোৱা জলবায়ুৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত নীতি নিৰ্ধাৰণত অৰিহণা যোগোৱাৰ সুযোগ প্ৰদান কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া