
নতুন দিল্লী, ১৯ মে’ (হি.স.)। ভাৰতীয় ৰেলৱেই উত্তৰ ৰেলৱেৰ জম্মু-শ্ৰী মাতা বৈষ্ণো দেৱী কাত্ৰ অংশত ঢাল স্থিতিশীলতা, সুৰংগ মেৰামতি আৰু দলং সুৰক্ষাৰ কামৰ বাবে ২৩৮ কোটি ₹ৰ প্ৰকল্পত অনুমোদন জনাইছে। লক্ষ্য হৈছে এই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ খণ্ডটোৰ দীৰ্ঘম্যাদী সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা শক্তিশালী কৰা।
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে ইয়াৰ দ্বাৰা দেশৰ কিছুমান কঠিন অঞ্চলত নিৰাপদ আৰু নিৰ্ভৰযোগ্য ৰে’ল সংযোগ নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা হৈছে। কাটিং, দলং, সুৰংগৰ বিশদ মূল্যায়নৰ পিছত সুৰক্ষা আৰু পুনৰ্বাসনৰ কামত অনুমোদন জনোৱা হয়।
প্ৰকল্পটোত ঢাল স্থিৰ কৰা, সুৰংগত পানী ছিটিকি পৰাৰ সমাধান, দলং সুৰক্ষাৰ কাম, আৰু স্পৰ্শকাতৰ স্থানত অন্যান্য সুৰক্ষা ব্যৱস্থা আদি অন্তৰ্ভুক্ত কৰা হৈছে। ৰে’লৱেৰ তথ্য অনুসৰি এই কামসমূহে জম্মু-শ্ৰী মাতা বৈষ্ণো দেৱী কাত্ৰ খণ্ডৰ গাঁথনিগত শক্তি আৰু কাৰ্য্যকৰী সুৰক্ষাৰ যথেষ্ট উন্নতি সাধন কৰিব।
ৰেল মন্ত্ৰালয়ে কয় যে এই অংশটোৱে দীৰ্ঘদিন ধৰি কঠিন ভূখণ্ড, প্ৰতিকূল ভূতাত্ত্বিক পৰিস্থিতি, আৰু চৰম বতৰৰ পৰিঘটনাৰ বাবে অভিযান্ত্ৰিক আৰু কাৰ্য্যকৰী প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। ইয়াৰ পিছতো ভাৰতীয় ৰেলৱেই সময়মতে কাম সম্পূৰ্ণ কৰি আৰু শক্তিশালী আন্তঃগাঁথনি গঢ়ি তুলি এই প্ৰত্যাহ্বানসমূহ সফলতাৰে মোকাবিলা কৰিবলৈ সক্ষম হৈছে।
ৰে’লৱেৰ মতে, নতুন সুৰক্ষা আৰু পুনৰ্বাসন প্ৰকল্পৰ ৰূপায়ণে এই পথটো পূৰ্বতকৈ অধিক শক্তিশালী আৰু সুৰক্ষিত কৰি তুলিব, যাৰ ফলত প্ৰতি বছৰে তালৈ যাত্ৰা কৰা লাখ লাখ তীৰ্থযাত্ৰী আৰু যাত্ৰীক অধিক সুৰক্ষিত আৰু অধিক নিৰ্ভৰযোগ্য ৰে’ল সেৱা প্ৰদান কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ