
নতুন দিল্লী, ১৯ মে’ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংকটৰ মাজতে ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে পুনৰবাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিছে। আজি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ৯০ পইচা বৃদ্ধি কৰা হৈছে। এসপ্তাহৰ ভিতৰত এইটোৱেই দ্বিতীয়বাৰৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি। নতুন হাৰ কাৰ্যকৰী হৈছে।
ইণ্ডিয়ান অইলৰ তথ্য অনুসৰি এই বৃদ্ধিৰ পিছত নতুন দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৭ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰত ৯৮.৬৪ ₹ হৈছে। ডিজেল প্ৰতি লিটাৰত ৯১ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰত ৯১.৫৮ ₹ হৈছে। মুম্বাইত পেট্ৰ’লৰ মূল্য ৯১ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ১০৭.৫৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৯৪ পইচা বৃদ্ধি পাই ৯৪.০৮ টকাত বিক্ৰী হৈছে।
কলকাতাত পেট্ৰ’লৰ মূল্য সৰ্বাধিক ৯৬ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰত ১০৯.৭০ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৯৪ পইচা বৃদ্ধি পাই ৯৬.০৭ টকা হৈছে। চেন্নাইত পেট্ৰ’লৰ মূল্য ৮২ পইচা বৃদ্ধি পাই ১০৪.৪৯ টকা আৰু ডিজেলৰ মূল্য ৮৬ পইচা হৈ প্ৰতি লিটাৰত ৯৬.১১ টকা হৈছেগৈ।
উল্লেখযোগ্য যে এই নতুন বৃদ্ধিৰ মাত্ৰ তিনিদিন পূৰ্বে শুকুৰবাৰে চৰকাৰে সমগ্ৰ দেশতে পেট্ৰ’ল আৰু ডিজেল উভয়ৰে মূল্য প্ৰতি লিটাৰত ৩ টকা পৰ্যন্ত বৃদ্ধি কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া