
গোলাঘাট, ১৯ মে’ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিৰ মামৰণি অঞ্চলৰ এটা বিধ্বস্ত পথে পথচাৰীসকলক জ্বলা কলা খুৱাইছে। এই অতিকৈ ব্যস্ততাপূৰ্ণ পথেদি দৈনিক অহা যোৱা কৰে কেইবাখনো বিদ্যালয়ৰ ছাত্র ছাত্ৰীয়ে । ইফালে পথৰ দুৰাৱস্থাৰ বাবে বাৰিষা চিকিৎসালয়লৈ ৰোগীক নিয়াৰ ক্ষেত্ৰতো ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয় স্থানীয় ৰাইজ । ঘোৰ বাৰিষা কোনো এম্বুলেঞ্চ বা গাড়ী চলাচল কৰিব নোৱাৰা হয় মামৰণি অঞ্চলৰ এই পথেদি।
উল্লেখ্য় যে মামৰণি অঞ্চলৰ কেইবাখনো গাঁৱৰ লোকে ব্যৱহাৰ কৰে এই এক মাত্ৰ পথটো । মন কৰিবলগীয়া যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে ২১০ কোটি টকাৰ পেকেজ মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দি গৈছিল দেৰগাঁও সমষ্টিৰ সকলো বাট পথ পকী কৰাৰ ক্ষেত্ৰত।তেনেক্ষেত্ৰত ক্ষোভিত জনতাই এতিয়া আশা আৰু ভৰসা নতুনকৈ নিৰ্বাচিতহৈ অহা বিধায়ক ডঃ মৃদুল দত্তৰ উপৰত নিবদ্ধ হৈ পৰিছে ।বিধ্বস্ত পথটি মেৰামতি কৰি যাতায়ত সূচল কৰিব বুলি আশা কৰিছে মামৰণিৰ ভুক্তভোগী জনতাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ