
শ্ৰীভূমি, ১৯ মে (হি.স.)। বদৰপুৰত পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে এজন ব্যক্তি, এলেকাত শোকৰ ছাঁ ।
সমগ্ৰ বদৰপুৰ অঞ্চল কৃত্ৰিম বানপানীৰ পানীৰে বুৰ গৈছে। ইয়াৰ মাজতে শ্ৰীভূমি জিলাৰ বদৰপুৰ থানা এলেকাৰ মালুৱা জালালপুৰ গাঁৱত সংঘটিত হয় এই শোকাৱহ আৰু হৃদয়বিদাৰক ঘটনা।
পুখুৰীত গা ধুবলৈ গৈ থকা অৱস্থাত মৃত্যু হয় সঞ্জয় কুমাৰ নাথ নামৰ ৪৮ বছৰীয়া এজন ব্যক্তিৰ। জানিব পৰা গৈছে যে কালি বিয়লি নিজ পুখুৰীত গা ধুবলৈ গৈ অসাৱধানতাৰ বাবে পিছলি পুখুৰীত পৰি ডুব যায়। লগে লগে এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হয়। ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফ বাহিনীয়ে মৃত অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে। ইফালে, স্থানীয় ৰাইজে তেওঁৰ মৃত্যুৰ বাবে ভাৰত মালা প্ৰকল্পৰ অপৰিকল্পিত কামক জগৰীয়া কৰিছে, কাৰণ ভাৰত মালাৰ কামৰ বাবে অঞ্চলটোৰ পানী নিষ্কাশন নলা বন্ধ হৈ পৰিছিল, যাৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল।যাৰ বাবে অঞ্চলটোৰ কেইবাটাও পুখুৰীত অস্বাভাৱিক পানীৰ স্তৰ বাঢ়ি যায়। সঞ্জয় নাথৰ পুখুৰীত মৃত্যু হৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। নিহত সঞ্জয় নাথৰ দুই কণমানি পুত্ৰ আৰু এগৰাকী কন্যা আছে। অতি দৰিদ্ৰ পৰিয়ালত একমাত্ৰ উপাৰ্জনকাৰী আছিল সঞ্জয় কুমাৰ নাথ। অঞ্চলটোৰ একাংশ ৰাইজে দুখীয়া পৰিয়ালটুক চৰকাৰৰ পৰা আৰ্থিক সাহায্যৰ বাবে অনুৰোধ জনাইছে । ইফালে বদৰপুৰৰ আৰক্ষী মৃতদেহ উদ্ধাৰ কৰি জিলা হাস্পতালত প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু